ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন আশা আৰু প্রত্যয়েৰে আগবাঢ়ি যোৱাৰ বাবে নৱবৰ্ষই সকলোৰে মনত নৱচেতনা আৰু উদ্দীপনাৰ সঞ্চাৰ কৰে। বাৰে-বৰণীয়া কলা- কৃষ্টি, ঐতিহ্যৰে সমৃদ্ধ নানা জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ মিলনভূমি অসমৰ বৰ্ণাঢ্য জীৱনধাৰাত নৱবৰ্ষৰ ন-প্রভাতে সমন্বয়ৰ এনাজৰীৰে এক নতুন উদ্যম কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্রীয়ে কয়। নতুন বছৰটোৱে স্বকীয় পৰম্পৰা আৰু আচাৰ-নীতিৰে গৰিমামণ্ডিত ৰাজ্যখনত আর্থ-সামাজিক উন্নয়নৰ এক নতুন বৈভৱ গঢ়ি তুলিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। শান্তি আৰু বিকাশেৰে ধাবমান হোৱা ৰাজ্যখনৰ উন্নতি আৰু প্ৰগতিৰ তৰিৎ যাত্ৰাত অধিক দায়বদ্ধতাবে আত্মোৎসর্গা কৰিবলৈ নৱবৰ্ষৰ শুভক্ষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...