অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান

এটা বিভাগৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জহিছে খহিছে বহু পৌৰাণিক ঐতিহ্য। অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান। অৱক্ষয় হৈছে ইতিহাসৰ। বিশ্বনাথ জিলাৰ ঐতিহাসিক দ’লগুৰি বাসুদেৱ দৌলৰ দেৱাল এতিয়া আগুৰি ধৰিছে বৃহৎ বৃহৎ গছে। পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ভূত বাংলালৈ পৰিণত হৈছে দৌলটো।

কেৱল খাই, বহি, শুই থাকিবলৈ আছে ৰাজ্যৰ পুৰাতত্ব বিভাগ!
অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান

বিশ্বনাথ জিলাৰ ঐতিহাসিক দ’ল গুৰি বাসুদেৱ দৌল। আহোম স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ শাসন কালত ১৭৬৫ চনত খামচেং দৌল বন্ধা গোহাঁইৰ দ্বাৰা গহপুৰৰ দক্ষিন কলাবাৰীত নিৰ্মাণ কৰা হৈছিল ঐতিহাসিক দ’লগুৰি বাসুদেৱ দৌল। জানিব পৰা মতে, এইটোৱেই হৈছে উত্তৰ অসমৰ সৰ্ববৃহৎ দৌল। কিন্তু অতি সম্প্ৰতি এই দৌল অস্তিত্বৰ সংকটত। কৰ্দৈ শিৰিয়া আৰ্হিত নিৰ্মাণ কৰা হৈছিল দৌলটো।

৯০ ফুট উচ্চতাৰ দৌলটো সংৰক্ষণৰ অভাৱত এতিয়া এলাগী
বাদুলীৰ আবাসলৈ ৰূপান্তৰিত হৈছে দৌলৰ মূল গৰ্ভগৃহ
ওপৰৰ অংশত বৃহৎ গছেৰে আগুৰি ধৰিছে দৌলটো

পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ভূত বাংলালৈ পৰিণত হৈছে দৌলটো। গছৰ শিপাৰ কাৰণে দৌলৰ কিছু অংশৰ দেৱালত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে। যাৰ পৰা যিকোনো মুহূৰ্তত দৌলৰ এটা অংশ খহি পৰা সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে ৰাইজে পুৰাতত্ব বিভাগক দৌলটি সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহনৰ বহুবাৰ বাৰ আবেদন নিবেদন কৰা পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় লোকৰ।

দৌলৰ গাতে লাগি আছে ৩৩ বিঘাৰ এটা বৃহৎ পুখুৰীও। সেয়েহে ৰাইজে অতি সোনকালে দৌলটো আৰু পুখুৰীটোৰ সংৰক্ষণৰ লগতে শোভাবৰ্ধনৰ ব্যৱস্থা কৰি এক পৰ্যটন স্থলি হিচাপে গঢ়ি তোলাৰ আহ্বান জনাইছে চৰকাৰক। নহ’লে অচিৰেই আহোম যুগৰ এক সুন্দৰ সমল চকুৰ আগতেই যে নোহোৱা হৈ যাব সেয়া সহজেই অনুমেয়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...