অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান

এটা বিভাগৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জহিছে খহিছে বহু পৌৰাণিক ঐতিহ্য। অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান। অৱক্ষয় হৈছে ইতিহাসৰ। বিশ্বনাথ জিলাৰ ঐতিহাসিক দ’লগুৰি বাসুদেৱ দৌলৰ দেৱাল এতিয়া আগুৰি ধৰিছে বৃহৎ বৃহৎ গছে। পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ভূত বাংলালৈ পৰিণত হৈছে দৌলটো।

কেৱল খাই, বহি, শুই থাকিবলৈ আছে ৰাজ্যৰ পুৰাতত্ব বিভাগ!
অস্তিত্বৰ সংকটত পৰিছে ইখনৰ পিছত সিখন ঐতিহাসিক স্থান

বিশ্বনাথ জিলাৰ ঐতিহাসিক দ’ল গুৰি বাসুদেৱ দৌল। আহোম স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ শাসন কালত ১৭৬৫ চনত খামচেং দৌল বন্ধা গোহাঁইৰ দ্বাৰা গহপুৰৰ দক্ষিন কলাবাৰীত নিৰ্মাণ কৰা হৈছিল ঐতিহাসিক দ’লগুৰি বাসুদেৱ দৌল। জানিব পৰা মতে, এইটোৱেই হৈছে উত্তৰ অসমৰ সৰ্ববৃহৎ দৌল। কিন্তু অতি সম্প্ৰতি এই দৌল অস্তিত্বৰ সংকটত। কৰ্দৈ শিৰিয়া আৰ্হিত নিৰ্মাণ কৰা হৈছিল দৌলটো।

৯০ ফুট উচ্চতাৰ দৌলটো সংৰক্ষণৰ অভাৱত এতিয়া এলাগী
বাদুলীৰ আবাসলৈ ৰূপান্তৰিত হৈছে দৌলৰ মূল গৰ্ভগৃহ
ওপৰৰ অংশত বৃহৎ গছেৰে আগুৰি ধৰিছে দৌলটো

পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ভূত বাংলালৈ পৰিণত হৈছে দৌলটো। গছৰ শিপাৰ কাৰণে দৌলৰ কিছু অংশৰ দেৱালত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে। যাৰ পৰা যিকোনো মুহূৰ্তত দৌলৰ এটা অংশ খহি পৰা সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে ৰাইজে পুৰাতত্ব বিভাগক দৌলটি সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহনৰ বহুবাৰ বাৰ আবেদন নিবেদন কৰা পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় লোকৰ।

দৌলৰ গাতে লাগি আছে ৩৩ বিঘাৰ এটা বৃহৎ পুখুৰীও। সেয়েহে ৰাইজে অতি সোনকালে দৌলটো আৰু পুখুৰীটোৰ সংৰক্ষণৰ লগতে শোভাবৰ্ধনৰ ব্যৱস্থা কৰি এক পৰ্যটন স্থলি হিচাপে গঢ়ি তোলাৰ আহ্বান জনাইছে চৰকাৰক। নহ’লে অচিৰেই আহোম যুগৰ এক সুন্দৰ সমল চকুৰ আগতেই যে নোহোৱা হৈ যাব সেয়া সহজেই অনুমেয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...