ৰাম মন্দিৰৰ নামত ভুৱা QR CODEৰ জৰিয়তে বৰঙণি সংগ্ৰহৰ চেষ্টা

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি। ইয়াৰ মাজতে ৰাম মন্দিৰৰ নামত বৰঙণি সংগ্ৰহৰ বাবে সক্ৰিয় হৈ উঠিছে এটা চক্ৰ। ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ নামত বৰঙণি সংগ্ৰহত নামিছে এই চক্ৰটো। এনে চক্ৰটোৰ ফান্দত ভৰি নিদিবলৈ ইতিমধ্যে দেশবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে এই বাৰ্তাযোগে এই কথা সদৰী কৰি কয় যে এই ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰৰ বৰঙণি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে ‘শ্ৰীৰাম জনমভূমি তীৰ্থ ছত্ৰ অযোধ্যা, উত্তৰপ্ৰদেশ’ নামৰ এটা পেজৰ জৰিয়তে। ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা হৈছে এই বৰঙণি সংগ্ৰহৰ বিষয়ে। ছ’চিয়েল মিডিয়াৰ পেজত এই ভুৱা QR ক’ডো অন্তৰ্ভুক্ত কৰা হৈছে। এই চক্ৰটোৰ বিষয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ লগতে দিল্লী আৰু উত্তৰপ্ৰদেশ আৰক্ষীকো অৱগত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...