ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন আশা আৰু প্রত্যয়েৰে আগবাঢ়ি যোৱাৰ বাবে নৱবৰ্ষই সকলোৰে মনত নৱচেতনা আৰু উদ্দীপনাৰ সঞ্চাৰ কৰে। বাৰে-বৰণীয়া কলা- কৃষ্টি, ঐতিহ্যৰে সমৃদ্ধ নানা জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ মিলনভূমি অসমৰ বৰ্ণাঢ্য জীৱনধাৰাত নৱবৰ্ষৰ ন-প্রভাতে সমন্বয়ৰ এনাজৰীৰে এক নতুন উদ্যম কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্রীয়ে কয়। নতুন বছৰটোৱে স্বকীয় পৰম্পৰা আৰু আচাৰ-নীতিৰে গৰিমামণ্ডিত ৰাজ্যখনত আর্থ-সামাজিক উন্নয়নৰ এক নতুন বৈভৱ গঢ়ি তুলিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। শান্তি আৰু বিকাশেৰে ধাবমান হোৱা ৰাজ্যখনৰ উন্নতি আৰু প্ৰগতিৰ তৰিৎ যাত্ৰাত অধিক দায়বদ্ধতাবে আত্মোৎসর্গা কৰিবলৈ নৱবৰ্ষৰ শুভক্ষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...