গহপুৰৰ এখন বিদ্যালয়ে দেখুৱাইছে আদৰ্শৰ বাট

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীয়ে নিতৌ পিঠিত কঢ়িয়াই নিয়ে কিতাপৰ বোজা। থাকে মিড টাৰ্ম টেষ্ট, চেছনেল পৰীক্ষা ইত্যাদি ইত্যাদি। তাৰ মাজতে এজন প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত গহপুৰত দেখা গ’ল এক অভিনৱ পদক্ষেপ। ভৱিষ্যতৰ পৃথিৱীখন সুস্থিৰে ৰখাৰ দায়িত্ব বুজিলে শতাধিক শিক্ষাৰ্থীয়ে।

নৱবৰ্ষৰ পহিলা দিন আৰু এটা সংকল্প

সংকল্প ভৱিষ্যতৰ হকে, সংকল্প জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে

গহপুৰৰ এখন বিদ্যালয়ে কাটিছে আদৰ্শৰ বাট। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে বিদ্যালয়খনে লৈছে এক সুন্দৰ পদক্ষেপ। গহপুৰৰ ৰজাবাৰীৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ল’লে সংকল্প। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে তেওঁলোকে শিকিব কৰণীয়খিনি। বুজিব নিজৰ দায়িত্ব। প্ৰকৃতিপ্ৰেমী ব্যক্তি বকুল গগৈৰ প্ৰচেষ্টাত আজিৰে পৰা বিদ্যালয়ে বিদ্যালয়ে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সংকল্প গ্ৰহণৰ পদক্ষেপ হাতত লৈছে।

সঘনাই হোৱা জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ল’ব লগা পদক্ষেপ সমূহ শিক্ষাৰ্থীৰ জৰিয়তে সমাজত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছে প্ৰকৃতিপ্ৰেমী ব্যক্তি বকুল গগৈয়ে। বৰ্তমানৰ কেৱল আৰু কেৱল পঢ়াৰ বোজাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক এই মানসিকতাৰ জ্ঞান দিয়াটো সঁচাকৈয়ে প্ৰশংসনীয়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...