গহপুৰৰ এখন বিদ্যালয়ে দেখুৱাইছে আদৰ্শৰ বাট

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীয়ে নিতৌ পিঠিত কঢ়িয়াই নিয়ে কিতাপৰ বোজা। থাকে মিড টাৰ্ম টেষ্ট, চেছনেল পৰীক্ষা ইত্যাদি ইত্যাদি। তাৰ মাজতে এজন প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত গহপুৰত দেখা গ’ল এক অভিনৱ পদক্ষেপ। ভৱিষ্যতৰ পৃথিৱীখন সুস্থিৰে ৰখাৰ দায়িত্ব বুজিলে শতাধিক শিক্ষাৰ্থীয়ে।

নৱবৰ্ষৰ পহিলা দিন আৰু এটা সংকল্প

সংকল্প ভৱিষ্যতৰ হকে, সংকল্প জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে

গহপুৰৰ এখন বিদ্যালয়ে কাটিছে আদৰ্শৰ বাট। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে বিদ্যালয়খনে লৈছে এক সুন্দৰ পদক্ষেপ। গহপুৰৰ ৰজাবাৰীৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ল’লে সংকল্প। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে তেওঁলোকে শিকিব কৰণীয়খিনি। বুজিব নিজৰ দায়িত্ব। প্ৰকৃতিপ্ৰেমী ব্যক্তি বকুল গগৈৰ প্ৰচেষ্টাত আজিৰে পৰা বিদ্যালয়ে বিদ্যালয়ে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সংকল্প গ্ৰহণৰ পদক্ষেপ হাতত লৈছে।

সঘনাই হোৱা জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ল’ব লগা পদক্ষেপ সমূহ শিক্ষাৰ্থীৰ জৰিয়তে সমাজত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছে প্ৰকৃতিপ্ৰেমী ব্যক্তি বকুল গগৈয়ে। বৰ্তমানৰ কেৱল আৰু কেৱল পঢ়াৰ বোজাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক এই মানসিকতাৰ জ্ঞান দিয়াটো সঁচাকৈয়ে প্ৰশংসনীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...