গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। কটন কলেজৰ সমীপত চাৰিলেনযুক্ত উৰণসেতুৰ শিলান্যাস। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’ব এই উৰণসেতু। প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতু নিৰ্মাণত ব্যয় হ’ব ৯৬০ কোটি। চানমাৰিৰ উৰণসেতুৰ সৈতে সংযোগ হ’ব। চানমাৰি উৰণসেতু ৰূপান্তৰিত হ’ব ৰ’টাৰীলৈ। লক্ষ্মীনাথ বেজবৰুৱা চ’কৰ ওপৰত নিৰ্মাণ হ’ব আন এটা ৰ’টাৰী। এই ৰ’টাৰীৰ ওপৰেদিয়ে যাব পাৰিব ৰিজাৰ্ভ বেংকলৈ। এই স্থানত নিৰ্মাণ হ’ব দুখলপীয়া উৰণসেতু। উৰণসেতুৰ তলত থাকিব পাৰ্কিঙৰ সুবিধা। আঢ়ৈ বছৰৰ ভিতৰত উৰণসেতু মুকলিৰ লক্ষ্য নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰ। নতুন উৰণসেতুৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ২৮ ‍ফেব্ৰুৱাৰীত আংশিক মুকলি কৰা হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ। চাইকেল ফেক্টৰীৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ নিৰ্মাণ হ’ব নতুন উৰণসেতু। ফেব্ৰুৱাৰীত আৰম্ভ চাইকেল ফেক্টৰী-বৰ্ষাপাৰা ষ্টেডিয়াম সংযোগী উৰণসেতু। এতিয়াৰে পৰা গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ বাবে কটা নহয় গছ। ট্ৰেন্সপ্লাণ্টৰ জৰিয়তে গছ আঁতৰাই নিৰ্মাণ কৰা হ’ব উৰণসেতু। চলিত বৰ্ষতে আৰম্ভ হ’ব বিমান বন্দৰৰ নতুন টাৰ্মিনেলেৰে ধাৰাপুৰলৈ ছয়লাইনযুক্ত পথৰ নিৰ্মাণ। কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে নিবিদা প্ৰক্ৰিয়া। কামাখ্যা ৰ’পৱেৰ কাম আৰম্ভ হ’ব শীঘ্ৰেই। শীঘ্ৰেই মালিগাঁও ফ্লাইঅভাৰেৰে কামাখ্যা মন্দিৰলৈ যোৱাৰ পথ মুকলি হ’ব। প্ৰতি ১৫ দিনৰ মূৰে মূৰে কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্যালয়লৈ যাব মুখ্যমন্ত্ৰী। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব মিছন বসুন্ধৰা – ৪।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...