গুৱাহাটী মহানগৰীৰ সূচল যাতায়াত ব্যৱস্থাৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা

গুৱাহাটী মহানগৰীত অহা বছৰ আগষ্ট মাহৰ ভিতৰত ২০০০ চিচি টিভি সংযোগ কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

গুৱাহাটী মহানগৰীৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্রা সংযোজনেৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাধাগোবিন্দ বৰুৱা পথৰ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰ তথা মাদাৰ টেৰেজা পথৰ গীতানগৰৰ দিশে নির্মিত শ্রদ্ধাগুলি উৰ্ণ সেতুৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি ২০২১-২২ ৰ অধীনত ৩১৬.১১ কোটি টকা ব্যয় সাপেক্ষে শ্রদ্ধাঞ্জলি উৰণ সেতু নিমাণ কৰা হৈছে। ১.৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু জি বৰুৱা পথৰ অংশ আৰু মাদাৰ টেৰেজা পথৰ ৩১৩ মিটাৰ অংশৰ সৈতে এই উৰণ সেতুখনৰ মুঠ দৈৰ্ঘ্য হৈছে ২.২৮ কিলোমিটাৰ। এই উৰণ সেতুখনৰ প্ৰস্থ আৰু জি বৰুৱা ৰোডত ১০.৫০ মিটাৰ আৰু মাদাৰ টেৰেজা পথত ৭.৫০ মিটাৰ। এই উৰণ সেতুখন 2022 চনৰ ২৯ জানুৱাৰীত আৰম্ভ কৰা হৈছিল। নিবিদা অনুসৰি এই উৰণ সেতুখন সম্পূর্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছিল ২০২৪ চনৰ ২৯ জুলাইত। কিন্তু নিৰ্দ্ধাৰিত সময়তকৈ বহু পূর্বে মাত্র ১৯ মাহৰ ভিতৰত এই উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্গা পূজাৰ আগে আগে নীলাচল সেতু আৰু শ্ৰদ্ধাঞ্জলি সেতু ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে শ্রদ্ধাঞ্জলি ঊণ সেতুখন প্রথমে ১ কিঃমিঃ দৈৰ্ঘ্যৰ বাবে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই পথছোৱাত যাতে যোগাযোগ ব্যৱস্থা সূচলতৰ হৈ উঠে তাৰ বাবে উৰণ সেতুখনৰ দৈৰ্ঘা পিছত বৃদ্ধি কৰা হয়। তেওঁ কয় যে আৰু জি বৰুৱা ৰোডৰ এই উৰণ সেতুখন তিনি লেনযুক্ত হোৱাৰ লগতে উৰণ সেতুখনৰ তলেৰেও পথ যাতায়তৰ সুবিধা থাকিব। এই উৰণ সেতুখন নিৰ্মাণৰ সময়ত জনসাধাৰণে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উৰণ সেতুখনৰ তলত ব্যৱসায়ীসকলৰ সুবিধার্থে বহু পার্কিং প্লেচৰ সুবিধা সন্নিবিষ্ট কৰিব পৰা গৈছে।

গুৱাহাটী মহানগৰীখন এখন অপরিকল্পিতভাবে গঢ়ি উঠা মহানগৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে। কয় যে যোৱা ২০ বছৰত গুৱাহাটী মহানগৰীত ১ লাখ নতুন গৃহ নির্মাণ হৈছে। এই গৃহসমূহ মাষ্টাৰপ্লান অনুসৰি নিৰ্মাণ হোৱা নাই বুলিও তেওঁ কয়। অপৰিকল্পিত মহানগৰী এখন পৰিকল্পিত ৰূপলৈ আনিবলৈ হ’লে বহু সমস্যাৰ মুখামুখি হ’বলগীয়া হয় বুলি মন্তব্য কৰি তেওঁ কয় যে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দিশত ৰাজ্য চৰকাৰে বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। তেওঁ কয় যে গুৱাহাটীৰ উৰণ সেতুসমূহে জনসাধাৰণক যথেষ্ট সকাহ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসমত দুমাহত ১০ হাজাৰ গাড়ী বিক্ৰী হয়। মহানগৰীৰ পথসমূহে এই গাড়ীসমূহ চলাচলৰ সূচল সুবিধা দিব নোৱাৰে বুলিও তেওঁ কয়। ক’ভিডৰ আগৰ পৰা বৰ্তমানলৈকে প্ৰায় ৬০ হাজাৰ নতুন গাড়ী পথলৈ আহিছে। ইয়াৰ অধিকাংশই গুৱাহাটীৰ মহানগৰীত থাকে বুলি তেওঁ কয়। উৰণ সেতু নির্মাণ নকৰিলে যাতায়াত ব্যৱস্থা স্তব্ধ হৈ গ’লহেঁতেন বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীত মেট্ৰ’ ৰে’ল নিৰ্মাণ কৰাৰ দিশত যথেষ্ট অসুবিধা আছে।

মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন অসুবিধাৰ মাজতো মহানগৰীখন সজাই পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে গণেশগুৰিত জু ৰোডৰ ফালে এটা অংশ নিৰ্মাণ কৰাৰ লগতে চুপাৰ মাৰ্কেট, আৰ্য কলেজৰ সন্মুখত, মালিগাঁও আৰু জু ৰোডত উৰণ সেতু নিৰ্মাণৰ কাম সম্পূর্ণ কৰা হৈছে। এই কাম যোৱা দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ কয়। তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া সেতু লোকনির্মাণ বিভাগে মাত্র ১৯ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ জৰিয়তে বিষয়া-কৰ্মচাৰী আৰু সমগ্র পদ্ধতিটোত অহা পৰিৱৰ্তনকে সুচাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী মহানগৰীক ৰাজ্য চৰকাৰে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰিব বিচাৰে। তেওঁ কয় যে ২০২৪ চনৰ ফেব্ৰুৱাৰী-মার্চ মাহৰ ভিতৰত ভূতনাথত এটা ৰ’টাৰী আৰু মাছখোৱাত এটা ৰটাৰী নিৰ্মাণ কৰা হ’ব, যাতে মালিগাঁৱৰ পৰা অহা গাড়ীয়ে ভৰলুক স্পর্শ নকৰাকৈ ভূতনাথেৰে নতুন দলঙেৰে গৈ মাছখোৱা ৰটাৰীৰে নামি যাব পাৰে। ভৰলুমুখৰ ৰে’লৱে অভাব্ৰীজৰ ওপৰত এম জি ৰোড আৰু আৰ কে চৌধুৰী ৰোডক সংযোগ কৰি নতুন উৰণ সেতু এখন নিৰ্মাণ কৰা হ’ব, যাতে ভৰলুমুখত ৰে’লগেটৰ বাবে হোৱা যানজটৰ পৰা হাত সাৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। ইয়াৰ ফলত গুৱাহাটী মহানগৰীৰ ওপৰত হেঁচা বহু পৰিমাণে কমি যাব। বামুণীমৈদামৰ পৰা সন্দিকৈ মহাবিদ্যালয়লৈ নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুখনৰ ওপৰত চাৰিটা পথ থাকিব আৰু সম পৰিমাণৰ পথ তলত থাকিব। ৬ কিঃমিঃ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰ নিম্নভাগ পার্কিঙলৈ ৰূপান্তৰিত হ’ব। ইয়াৰ ফলত ব্যৱসায়ীসকলে পাৰ্কিঙৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা মাহত ৮৮৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰা হৈছে। অহা জানুৱাৰী মাহৰ পৰা ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাব বুলিও তেওঁ কয়। ২০২৬ চনৰ আগতে ইয়াক সম্পূৰ্ণ কৰাৰ বাবেও প্ৰচেষ্টা লোৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয় ।

মুখ্যমন্ত্ৰীয়ে কয় যে মালিগাঁৱৰ পাণ্ডুলৈ গৈ, পাণ্ডুৰ পৰা কামাখ্যা মন্দিবলৈ যাতে ব্ৰহ্মপুত্ৰৰ মাজেৰে যাব পৰা যায় তাৰ বাবে আন এটা এলিভেটেড কৰিডৰ বা উৰণ সেতুৰ বাবে চৰকাৰে নিৰ্বিদা আহ্বান কৰিছে। বৰ্তমানৰ আৰ্য নগৰৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট স্টেডিয়াম অতিক্ৰম কৰি এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব। গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলি থকা ৫ খন উৰণ সেতুৰ কাম অহা বছৰৰ এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ কয়। এই আঁচনিবোৰ সম্পূৰ্ণ কৰাৰ পিছত ৰাজীৱ ভৱনৰ পৰা খ্ৰীষ্টানবস্তিলৈ আন এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী বিমান বন্দৰৰ পৰা ৬টা পথেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষলৈ সংযোগ কৰা হ’ব। ইয়াৰ এটা ডাঙৰ ৰটাৰী দীপৰ বিলৰ কাযত নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ পথসমূহ নিৰ্মাণ কৰিবৰ বাবে ৩০০ কোটি টকা মঞ্জুৰ কৰা হৈছে। ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ ভিতৰৰ পথসমূহ নিৰ্মাণ কৰিব বিচৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে খোৱাপানী যোগানৰ বাবেও বহু কেইটা আঁচনি লোৱা হৈছে আৰু কিছু দিন আগতে লিচুবাগানৰ ৰিজাৰ্ভাৰ আৰম্ভ কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০২৪ চনৰ এপ্ৰিল মাহৰ আগতে গুৱাহাটীৰ ১ লাখ ২৫ হাজাৰ মানুহক গৃহত পানী সংযোগ দিব পৰা যায়। পশ্চিম গুৱাহাটী সমষ্টিৰ নিৰ্মীয়মান পানী যোগান আঁচনিখন সম্পূৰ্ণ কৰিবলৈ কিছুদিন আগতে এল এণ্ড টি নামৰ প্রতিষ্ঠান এটাক কাম দিয়া হৈছে যাতে এই পানী যোগান আঁচনি সমাপ্ত কৰিব পৰা যায়। গুৱাহাটী মহানগৰীত অহা বছৰ আগষ্ট মাহৰ ভিতৰত ২০০০ চিচি টিভিৰ সংযোগ কৰিব বিচৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীবাসী ৰাইজক প্ৰয়োজনীয় সুৰক্ষা প্ৰদানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। যোৱা আঢ়ৈ বছৰৰ ভিতৰত বহু মেটমৰা প্ৰকল্প হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীক সৰ্বাংগসুন্দৰ কৰাৰ বাবে ৰাইজৰ পৰামৰ্শ থাকিলে আগবঢ়াবলৈ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে সমালোচনাসমূহ গঠনমূলক হ’ব লাগে। মানুহৰ মানসিকতা সদায়ে ইতিবাচক হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিৱৰ্তনৰ বাবে এটা ইতিবাচক মনৰ অতিশয় প্রয়োজন।

আজিৰ এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়কসকল ক্রমে সিদ্ধার্থ ভট্টাচার্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লব গোপাল ঝা, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা, মুখ্য অভিযন্তা সঞ্জীৱ কুমাৰ শ্যাম, পৌৰ নিগমৰ পাৰিষদকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...