চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰো

চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰো
ৱাইড নিদিয়াৰ বাবে ভাৰতীয় অনুৰাগীৰ নয়নৰমণি হৈ পৰিল আম্পায়াৰজন
সামাজিক মাধ্যমত ৰিচাৰ্ড কেটলবৰোক লৈ মিমৰ ধুমুহা

পুনেত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত আৰু বাংলাদেশৰ মাজত এখন বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচ। ২৫৭ ৰানৰ লক্ষ্য অনুসৰণ কৰাৰ ভাৰতীয় দলে সহজে ৭ উইকেটত জয়লাভ কৰে মেচখন। কিন্তু মেচত ভাৰতৰ জয়ত কৈ চৰ্চাত থাকে বিৰাট কোহলি আৰু মেচখনৰ আম্পায়াৰ ৰিচাৰ্ড কেটলবৰো। অন্তিম সময়ত কোহলি শতক অৰ্জন কৰিবলৈ দৰকাৰ আছিল প্ৰায় ৩ ৰান। ভাৰতীয় দলেও মেচখন জয় কৰিবলৈ লাগিছিল ৩ ৰান। সেয়েহে কোহলিৰ যাতে শতক নহয় তাৰ বাবে বাংলাদেশৰ নাচুম আহমেদে ইচ্ছাকৃত দিছিল ৱাইড। কিন্তু আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোই সেই উদেশ্য গম পাই ৱাইড নিদিয়াৰ সিদ্ধান্ত লয়। যাৰ ফলত SIXER অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত নিজৰ ৪৮ সংখ্যক শতক অৰ্জন কৰে কিং কোহলিয়ে। আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোৰ ৱাইড নিদিয়াৰ এই সিদ্ধান্তৰ পিছতে সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেট অনুৰগীৰ হিয়াৰ আমথো হৈ পৰে তেওঁ।

এজন অনুৰাগীৰ মন্তব্য আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোৰ ৱাইড নিদিয়াৰ বাবে দিয়ক ভাৰত ৰত্ন। অবশ্য বহু ক্ৰিকেট বিশ্লেষখৰ মতে ৰিচাৰ্ড কেটলবৰোৰ এই সিদ্ধান্ত আছিল ভুল। কিন্তু ভুল হলেও কোহলিৰ অনুৰাগী সকলে আম্পায়াৰজনক সামাজিক মাধ্যমত জনাইছে তুমুল সমৰ্থন।

অৱশ্যে, এইজন আম্পায়াৰৰ ভাৰতীয় ক্ৰিকেটত কিছু ইতিহাস। ২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত এম এছ ধোনীক দিছিল ৰান আউট। সেইদিনা দুখ দেখা ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে কেটলবৰো আজি হৈছে সুখৰ সংজ্ঞা। বাবে আজি কিন্তু এই সকলৰ মাজতো আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোৰ কোন জানে নে? ১৯৭৩ৰ ১৫ মাৰ্চত ইংলেণ্ডত জন্মলাভ কৰা কেটলবৰো এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ য়ৰ্কশায়াৰ আৰু মিডলচেক্সৰ হৈ ৩৩ খন প্ৰথম শ্ৰেণীৰ খেলত অৱতীৰ্ণ হৈছিল। ৱাইড নিদিয়াৰ ইংলেণ্ডৰ এইজন আম্পায়াৰ এতিয়া সামাজিক মাধ্যমত হৈছে চৰ্চাৰ কাৰণ। হৈছে কোহলি কোটি কোটি অনুৰাগীৰ নয়নৰমণি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...