নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু

নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু। ষাঁড়টোৰ বাবে বিবুধিত পৰিল আৰক্ষী আৰু কেইবাজনো লোক। চোৰাং গৰু সৰবৰাহকাৰীয়ে এঠাইত বান্ধি থৈছিল ষাঁড়টো। একাংশ লোকে উদ্ধাৰ কৰি খবৰ দিলে আৰক্ষীক। তাৰ পাছতেই জ্বলাকলা।
ঠেলিছে
টানিছে
ভাগৰত বহিছে

থানাত এটা ষাড়। ষাড়টোৱে জ্বলাকলা খুৱাইছে কেইজনমান লোক আৰু এখন থানাৰ আৰক্ষীক। নিশা এটা ষাঁড় গৰু গোপনে সৰবৰাহ কৰিবৰ বাবে কোনো গৰুচুৰি চক্ৰই বান্ধি থৈছিল চামগুৰিৰ সোণাৰিবালিৰ কলঙৰ বাকৰিত। গৰাকীহীন ষাঁড়টো উদ্ধাৰ কৰি স্থানীয় লোকে খবৰ দিলে আৰক্ষীক। আৰক্ষীয়ে কলে আপোনালোকে খুব ভাল কাম কৰিছে। ষাঁড়টো থানালৈকে লৈ আনক। তাৰ পাছতেই চাৰিজন লোকৰ নগুৰ-নাকটি। এজনে শিঙত ৰছি লগাই টানিছে। এজনে পিছপিনৰ পৰা ঠেলিছে। ভাগৰি পৰিল এওঁলোক।

বহুসময়ৰ চেষ্টাৰ অন্তত গৰুটো লৈ আনিলে থানালৈ। কিন্তু কোনে বান্ধি থৈছিল গৰুটো। কৰ পৰা কলৈ সৰবৰাহৰ উদ্দেশ্য আছিল। সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইপিনে ষাঁড়টোক টনা-আজোঁৰা কৰাৰ শব্দ শুনি দেখি কিনো হৈছে বুলি চাবলৈ ওলাই আহিল একাংশ লোক। এই দৃশ্যই হাঁহিৰ খোৰাক যোগালে সকলোকে।

নগাঁৱৰ বিভিন্ন প্ৰান্তত এতিয়াও সক্ৰিয় চোৰাং গৰু ব্যৱসায়ী চক্ৰ। কোনে, কেনেকৈ এই কাৰবাৰ কৰি আছে তাৰ কিন্তু বিশেষ তথ্য নাই আৰক্ষীৰ হাতত। এই ষাঁড়টোৱে পুনৰ প্ৰমাণ কৰিলে নগাঁৱত চলি থকা সেই অবাধ বেহাৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত কি কি খাদ্যৰে আপ্যায়ন কৰা হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক?

’২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তৃণমূল কৰ্মীক উৎসাহৰ প্ৰয়াস। আজি...

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...