পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য
ঘনত্বৰ লেখেৰে অধিক গঁড়ৰ বিচৰণভূমি পবিতৰা
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে পবিতৰা

বাৰিষাৰ বাবে যোৱা মে’ মাহৰ পৰা বন্ধ হৈ থকা পবিতৰা অভয়াৰণ্য পুনৰ পৰ্যটকৰ বাবে মুকলি হৈছে। বৃহস্পতিবাৰে এই অভয়াৰণ্য এক উৎসৱমুখৰ পৰিৱেশত পৰ্যটকৰ বাবে উন্মোচন কৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল জাগীৰোড সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।

২০২২–২৩ বৰ্ষত পবিতৰালৈ আহিছিল ৩১,০২৯ গৰাকী পৰ্যটক
ইয়াৰে ৪০৩ গৰাকী আছিল বিদেশী পৰ্যটক
২০২২–২৩ত পবিতৰাত মুঠ ৰাজহ সংগ্ৰহ হয় ৫৫.২৬ লাখ টকা
প্ৰায় ৩৮ বৰ্গ কি.মি.ৰ পবিতৰাত আছে শতাধিক এশিঙীয়া গঁড়
ঘনত্বৰ লেখেৰে বিশ্বৰ ভিতৰতে এয়া সৰ্বাধিক


বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবিতৰাৰ অভ্যন্তৰলৈ হাতী ছাফাৰীত অংশ লয়। পাটোৱাৰীৰ সৈতে সংগ দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত আছিল মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক, বন বিভাগৰ উচ্চ পদস্থ বিষয়া আদি। উল্লেখ্য যে পবিতৰাত পৰ্যটকৰ বাবে হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰীৰো সুন্দৰ ব্যৱস্থা আছে। পৰ্যটক থকাৰ বাবেও অভয়াৰণ্যৰ সমীপত আছে কেইবাটাও লজ–ৰিজ’ৰ্ট। এই বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...