চাঙৰ পৰা নামি কংগ্ৰেছৰ পুনৰ ক্ষুৰধাৰ সমালোচনা

চাঙে-চাঙে কংগ্ৰেছ যাত্ৰাৰ সামৰণি পৰিল। APCCৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টিতেই কাৰ্যসূচীৰ সামৰণি। অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতাৰ তীব্ৰ আক্ৰমণ বিজেপিক। ভূপেন বৰাই ক’লে – বতাহে গতি সলাইছে। প্ৰদ্যুত বৰদলৈৰ মতে ৰাইজে আদৰি লৈছে কংগ্ৰেছক। কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ মতে এইবাৰ বিজেপি চাফা হ’ব।

নাও বুৰিলেও টিঙৰ পৰা নানামে বিজেপি
চাঙৰ পৰা নামি কংগ্ৰেছৰ পুনৰ ক্ষুৰধাৰ সমালোচনা
বিজেপি এইবাৰ চাফা হৈ যাব

পূজাৰ, নিৰ্বাচনৰ বতাহ। সমানেই লাগিছে ৰাজ্যবাসীৰ গাত। একাধিক কাৰ্যসূচীৰে উজনি আৰু উত্তৰ অসমত ব্যস্ত প্ৰদেশ কংগ্ৰেছ। বাগানে বাগেন কংগ্ৰেছ কাৰ্যসূচী সামৰি কংগ্ৰেছ হাতত লৈছিল চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত মাজুলী, ধেমাজিত থকা মিছিং অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰিছিল কংগ্ৰেছ নেতাই। ১৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা চাঙে চাঙে কংগ্ৰেছ যাত্ৰাৰ বৃহস্পতিবাৰে সামৰণি পৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টি বিহপুৰীয়াত সেই কাৰ্যসূচীৰ সামৰণি। অনুষ্ঠানত অংশ লৈ ভূপেন বৰাই ক’লে-
বতাহে এতিয়া গতি সলাইছে…
পৰিৱৰ্তনৰ কথা কৈ কৈ ৰাইজক প্ৰতাৰণা কৰিলে বিজেপিয়ে। এইবাৰ সেইবাবে চৰকাৰেই পৰিৱৰ্তন হ’ব।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। বিজেপিয়ে উন্নয়নৰ ঢাক-ঢোল বজায়, মই কিন্তু ইয়াত একো পোৱা নাই। বিজেপিক লৈ ৰাইজ মুঠেও সুখী নহয় বুলি মন্তব্য সিকদাৰৰ। কলে ৰাইজে কংগ্ৰেছক পুনৰ আদৰি লব, সেয়া নিশ্চিত। উজনি, উত্তৰ অসমত চাফা হব বিজেপি।

বিজেপিৰ শাসনত অতিষ্ঠ ৰাইজ। সেয়ে কংগ্ৰেছৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই ওলাই আহিছে সকলো। দাবী-ধমক, প্ৰলোভন দিলেও ৰাইজ এতিয়া ঘৰৰ ভিতৰত সোমাই নাথাকে।

বিজেপিবিৰোধী ঢৌ বলিছে ৰাজ্যত
ধৰাশায়ী হ’ব ভাৰতীয় জনতা পাৰ্টী

এনেকৈয়ে আত্মবিশ্বাস বৃদ্ধি কৰি কংগ্ৰেছৰ চাঙে-চাঙে কাৰ্যসূচীৰ সামৰণি। শাসক পক্ষক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতাৰ। সুযোগ বুজি প্ৰত্যুত্তৰ বিজেপিৰো। ইয়াৰ পাছতেই আৰম্ভ হ’ব চৰে চৰে কংগ্ৰেছ কাৰ্যসূচী। সেই কাৰ্যসূচীও হ’ব চাবলগীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...