শাৰদ পাৱাৰক কটাক্ষ হিমন্ত বিশ্বৰ

এইবাৰ গাজাক লৈ উখনা-উখনি হিমন্ত বিশ্ব-সুপ্ৰিয়া চুলেৰ
ইজৰাইল-হামাছ যুদ্ধত মোদী চৰকাৰৰ স্থিতিক সমালোচনা শাৰদ পাৱাৰৰ
লগে লগে শাৰদ পাৱাৰক কটাক্ষ হিমন্ত বিশ্বৰ

ইজৰাইল-হামাছ যুদ্ধত মোদী চৰকাৰৰ স্থিতিক লৈ ভাৰতত হৈছে বিতৰ্ক। মধ্য প্ৰাচ্যত পূৰ্বতে পেলেষ্টাইনৰ ঘনিষ্ঠ সমৰ্থক ভাৰতে শেহতীয়া গাজা সংঘৰ্ষৰ কালত হামাছৰ পৰিৱৰ্তে ইজৰাইলৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। নৰেন্দ্ৰ মোদী চৰকাৰে আনকি হামাছক এটা সন্ত্ৰাসবাদী সংগঠন বুলি অভিহিত কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। ইয়াৰ পিছতেই বিৰোধীৰ দ্বাৰা সমালোচিত হয় মোদী চৰকাৰ। পিছ পৰি নাথাকিল NCPৰ নেতা শাৰদ পাৱাৰো। মোদী চৰকাৰক পাৱাৰে তীব্ৰ সমালোচনা কৰাৰ পিছতে NCP নেতাজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

‘এইবাৰ শাৰদ পাৱাৰে হামাছৰ হৈ যুদ্ধ কৰিবলৈ কন্যা সুপ্ৰিয়াক পঠাব গাজালৈ’
শাৰদ পাৱাৰক এইদৰে কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সুপ্ৰিয়া চুলে হৈছে শাৰদ পাৱাৰৰ কন্যা, NCPৰো কাৰ্যকৰী সভাপতি

ইয়াৰ পিছতেই হিমন্ত বিশ্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে সুপ্ৰিয়া চুলে। চুলেৰ মতে ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাক অসন্মান কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাক অপমান নকৰে বুলি তেওঁৰ আস্থা আছিল। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দৰেই কংগ্ৰেছৰ ডিএনএ আছিল। হয়তো বিজেপিলৈ গৈ হিমন্ত বিশ্ব শৰ্মা পথভ্ৰষ্ট হৈছে বুলি মন্তব্য কৰে NCPৰ নেত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত শাৰদ পাৱাৰৰ সম্পূৰ্ণ বক্তব্য পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনাই সুপ্ৰিয়াই।

উল্লেখ্য যে, হিমন্ত বিশ্ব আৰু সুপ্ৰিয়া চুলেৰ এই বাক যুদ্ধ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...