গাজাৰ চিকিৎসালয়ত বোমাবৰ্ষণৰ ঘটনাক বিশ্বজুৰি ধিক্কাৰ

0 626

গাজাৰ চিকিৎসালয়ত ভয়াৱহ আক্ৰমণৰ ঘটনাক লৈ শিয়ৰি উঠিছে সমগ্ৰ বিশ্ব। এই ঘটনাক সমগ্ৰ বিশ্বই গৰিহণা দিয়াৰ সময়তে একাংশ ব্যস্ত হৈছে এই ভয়াৱহ ঘটনাত কোন জড়িত তাক লৈ। ইয়াৰ মাজতে গাজাবাসীৰ সাহায্যৰ বাবে আগবাঢ়ি আহিছে নবেল জয়ী মালালা ইউচাফজাই। গাজাৰ আল–আলহি–আৰব হাস্পাতলত বোমাবৰ্ষণত শিশু–মহিলাসহ ৫ শতাধিক লোক নিহত হোৱা ঘটনাক গৰিহণা দিয়ে মালালাই। ইয়াৰ লগতে গাজাবাসীৰ বাবে বৃহৎ পৰিমাণৰ অৰ্থ সাহায্য আগবঢ়াইছে শান্তিৰ নবেল জয়ী মালালাই।

গাজাৰ চিকিৎসালয়ত বোমাবৰ্ষণৰ ঘটনাক বিশ্বজুৰি ধিক্কাৰ
আক্ৰমণত শিশু-মহিলাসহ ৫ শতাধিক লোক নিহত
এইবাৰ দুৰ্গত গাজাবাসীৰ কাষত থিয় হ’ল নবেল জয়ী মালালা ইউচাফজাই
গাজাত শান্তি স্থাপনৰ আশাৰে ২ কোটি ৫০ লাখ টকাৰ সাহায্য মালালাৰ

যোৱা ৭ অক্টোবৰত হামাছৰ অৰ্তকিত আক্ৰমণত ক্ষন্তেকৰ বাবে দিশহাৰা হৈ পৰা ইজৰাইলে ইতিমধ্যে হামাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে ভয়াৱহ আক্ৰমণ। হামাছৰ ঘাটিস্বৰূপ গাজালৈ লক্ষ্য কৰি দিনে-নিশাই ইজৰাইলী বাহিনীয়ে নিক্ষেপ কৰিছে ৰকেট–মৰ্টাৰ। ইজৰাইলৰ আক্ৰমণত ইতিমধ্যে গাজাত ৪ হাজাৰৰো অধিক পেলেষ্টাইনী নাগৰিকে মৃত্যুক সাবটি লৈছে। গাজাত আক্ৰমণৰ ঘটনাত কোন জড়িত তাক লৈ বিভিন্ন পক্ষৰ মাজত বোকা ছটিওৱাৰ খেল আৰম্ভ হোৱাৰ সময়তে দুৰ্গত গাজাবাসীৰ বাবে আগবাঢ়ি আহিছে শান্তিৰ নবেল বিজয়ী পাকিস্তানৰ মালালা ইউচাফজাই। গাজাৰ আল–আলহি–আৰব হাস্পতালত বোমাবৰ্ষণৰ ঘটনাত স্তম্ভিত হৈ পৰা মালালাই এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। নবেল জয়ী মালালাৰ আহ্বান

শীঘ্ৰে বন্ধ কৰক যুদ্ধ
পেলেষ্টাইনলৈ শান্তি ঘূৰাই আনক
গাজাবাসীৰ লগতে পেলেষ্টাইনক সহায় কৰক

গাজাবাসীলৈ ২ কোটি ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই মালালাই লগতে কয় যে ইজৰাইল–পেলেষ্টাইনসহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ যিসকল লোকে শান্তিৰ বাৰ্তা বিলাই আহিছে তেওঁলোকক সহযোগ কৰিবলৈ আগবাঢ়ি আহক সকলোৱে। সন্মিলিত শাস্তি কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে বুলি উল্লেখ কৰি মালালাই কয় যে গাজাৰ অৰ্ধেকাংশ বাসিন্দাই হৈছে ওঠৰ বছৰৰ তলৰ। তেওঁলোকৰ পৰৱৰ্তী জীৱন এনেদৰে বোমাবৰ্ষণৰ মাজত কটাই দিয়াতো সম্ভৱ নহয় বুলি উল্লেখ কৰি এনে দুৰ্গত লোকৰ কাষত থিয় হ’বলৈ সমগ্ৰ বিশ্ববাসীক আহ্বান জনায় নবেল জয়ী মালালাই। এই ধনৰাশি পেলেষ্টাইনৰ নাগৰিকলৈ সাহায্য আগবঢ়াই অহা ৩টা স্বেচ্ছাসেৱী সংগঠনলৈ আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰে মালালাই।

ইপিনে, ইজৰাইল-হামাছ যুদ্ধৰ ফলত সৃষ্টি হোৱাৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ইজৰাইলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ স’তে আলোচনাত মিলিত হয় । ৰাষ্ট্ৰপতি বাইডেনেও গাজাবাসীৰ বাবে ১০ কোটি মাৰ্কিন ডলাৰৰ সাহায্য আগবঢ়ায়। বৃহস্পতিবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনকেও পৰিস্থিতি বুজ লোৱাৰ বাবে ইজৰাইলত উপস্থিত হয়। নবেল জয়ী মালালা ইউচাফজায়ে সংশ্লিষ্ট সকলো পক্ষকে শান্তিৰ মাজৰে সমস্যা সামাধানৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.