এফালে পৰম্পৰা ৰক্ষাত অটল ৰাইজ, আনফালে প্ৰশাসন অটল নিজৰ স্থিতিত

উৰুকাত অথন্তৰ
প্ৰতিবছৰৰ দৰে এইবছৰো দিয়া হ’ল নিৰ্দেশনা
‘মাছ মাৰিব নোৱাৰিব’
প্ৰতিবছৰৰ দৰে এইবাৰো নাচোৰবান্দা ৰাইজ
‘মাছ মাৰিবই’
এফালে পৰম্পৰা ৰক্ষাত অটল ৰাইজ
আনফালে প্ৰশাসন অটল নিজৰ স্থিতিত

এয়া কলিয়াবৰৰ পৰিৱেশ।পৰম্পৰা ৰক্ষাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মৎস্য চিকাৰৰ বাবে ওলাই আহিল কেইবাশতাধিক লোক। পুৱতি নিশাৰ পৰা পল, জাকৈ লৈ মৎস্য চিকাৰৰ বাবে ওলায় আহিল একাংশ লোক। পূৰ্বে নিৰ্ধাৰিত ১৪৪ ধাৰা অনুসৰি প্ৰশাসন আহিল বাধা দিবলৈ। জখলাবন্ধা আৰক্ষী আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বেৰিকেড বান্ধি ৰাইজক দিলে বাধা।

প্ৰকাশ পাইছিল নিৰ্দেশনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত উৰুকাত মৎস্য চিকাৰ নিষিদ্ধ। কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছিল ১৪৪ ধাৰা। কঠোৰভাৱে নিষিদ্ধ নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতকৈ অধিক লোক সমবেত হোৱা। কিন্তু ৰাইজে নামানে। ক’লে এয়া আমাৰ পৰম্পৰা। এইদৰে নিৰ্দেশনা পূৰ্বেও আৰোপ কৰা হয়। কিন্তু প্ৰতিবাৰেই ৰাইজ প্ৰশাসনৰ সংঘাত হয়। এইবাৰো স্বাভাৱিকতেই অনুৰূপ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...