এফালে পৰম্পৰা ৰক্ষাত অটল ৰাইজ, আনফালে প্ৰশাসন অটল নিজৰ স্থিতিত

উৰুকাত অথন্তৰ
প্ৰতিবছৰৰ দৰে এইবছৰো দিয়া হ’ল নিৰ্দেশনা
‘মাছ মাৰিব নোৱাৰিব’
প্ৰতিবছৰৰ দৰে এইবাৰো নাচোৰবান্দা ৰাইজ
‘মাছ মাৰিবই’
এফালে পৰম্পৰা ৰক্ষাত অটল ৰাইজ
আনফালে প্ৰশাসন অটল নিজৰ স্থিতিত

এয়া কলিয়াবৰৰ পৰিৱেশ।পৰম্পৰা ৰক্ষাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মৎস্য চিকাৰৰ বাবে ওলাই আহিল কেইবাশতাধিক লোক। পুৱতি নিশাৰ পৰা পল, জাকৈ লৈ মৎস্য চিকাৰৰ বাবে ওলায় আহিল একাংশ লোক। পূৰ্বে নিৰ্ধাৰিত ১৪৪ ধাৰা অনুসৰি প্ৰশাসন আহিল বাধা দিবলৈ। জখলাবন্ধা আৰক্ষী আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বেৰিকেড বান্ধি ৰাইজক দিলে বাধা।

প্ৰকাশ পাইছিল নিৰ্দেশনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত উৰুকাত মৎস্য চিকাৰ নিষিদ্ধ। কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছিল ১৪৪ ধাৰা। কঠোৰভাৱে নিষিদ্ধ নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতকৈ অধিক লোক সমবেত হোৱা। কিন্তু ৰাইজে নামানে। ক’লে এয়া আমাৰ পৰম্পৰা। এইদৰে নিৰ্দেশনা পূৰ্বেও আৰোপ কৰা হয়। কিন্তু প্ৰতিবাৰেই ৰাইজ প্ৰশাসনৰ সংঘাত হয়। এইবাৰো স্বাভাৱিকতেই অনুৰূপ ঘটনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...