গুৱাহাটীমুখী বিমানে অৱতৰণ কৰিব নোৱাৰিলে বৰঝাৰত

কুঁৱলীৰ বাবে আকাশমাৰ্গত অথন্তৰ
গুৱাহাটীমুখী বিমানে অৱতৰণ কৰিব নোৱাৰিলে বৰঝাৰত
যাত্ৰীৰ মাজত লাগিল হাহাকাৰ

কুঁৱলীয়ে ঢাকিছে আকাশ। সেইসময়তে বৰঝাৰ বিমান বন্দৰো কুঁৱলীৰ আচ্ছাদনৰ তলত। কেৱল ধিমিক–ধামাক কৰি থকা কেইটামান ৰঙা–নীলা লাইট। একোৱেই মনিব নোৱাৰা এটা অৱস্থা।

বৰঝাৰৰ আকাশমাৰ্গত উৰি আছিল এখন বিমান
অৱতৰণৰ বাবে অনুকুল নাছিল পৰিৱেশ
ঘন কুঁৱলিয়ে ঢাকি ৰাখিছে বিমানবন্দৰ

ইণ্ডিগ’ 6E5319 ‍বিমানখন বহু সময় আকাশমাৰ্গত উৰি থাকি উৰা মাৰিলে ঢাকালৈ। মুম্বাইৰ পৰা আহি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব লাগিছিল।

কিন্তু বিমানখনে অৱতৰণ কৰিলে ঢাকা বিমান বন্দৰত
গুৱাহাটীৰ পৰিৱৰ্তে ঢাকাত বিমান অৱতৰণক লৈ যাত্ৰী হতবাক
বিমানতে বহি ৰ’ল যাত্ৰীসকল

বহু যাত্ৰী আতংকিতও হ’ল। ইণ্ডিগ’ৰ তৰফৰ পৰা জনোৱা হ’ল ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতণৰ সম্ভৱ নহ’ল বিমানখনৰ। বিমানখনত যাত্ৰী হিচাপে থকা বহুজনে X হেণ্ডেলসহ বিভিন্ন ছ’চিয়েল মিডিয়াত লিখিলে এই অভিজ্ঞতাৰ কথা। বাংলাদেশৰ ভিছা, পাৰ্ছপৰ্টৰ অবিহনে ঢাকা পালেও যাত্ৰীসকল বিমানৰ পৰা নমা সম্ভৱ নহ’ল। বহু সময় বিমানতে সময় কটাবলগীয়া হ’ল যাত্ৰীয়ে। অৱশ্যে খোৱা–বোৱাৰ ব্যৱস্থা কৰি দিলে বিমান কৰ্তৃপক্ষই। দিনৰ ১১ বজাত বিমানখনে বৰঝাৰলৈ উৰা মাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...