এমাহ পিছত ভেদ কৰিমগঞ্জৰ মিঠু বিশ্বাস হত্যাৰ ৰহস্য

প্ৰায় এমাহৰ মূৰত ভেদ হ’ল কৰিমগঞ্জৰ গাড়ীচালক মিঠু বিশ্বাসৰ শিহৰণকাৰী হত্যাৰ ৰহস্য। বিগত ৯ ডিচেম্বৰত ৫ অভিযুক্তই মিঠু বিশ্বাসক ভয়ানকভাৱে প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ মিঠুৰ ৱেগন আৰখন লৈ মিজোৰামলৈ পলাই গৈছিল। ১০ ডিচেম্বৰত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় মিঠু বিশ্বাসৰ। ঘটনাৰ প্ৰায় এমাহ পিছত শিলচৰ আৰক্ষীৰ জালত পৰিছে গাড়ীচালকজনৰ ৫ হত্যাকাৰী। আৰক্ষীৰ জেৰাত ৫ অভিযুক্তই স্বীকাৰ কৰিছে মিঠুক হত্যাৰ কথা। মিঠুক মৃত বুলি ভাবিয়েই পথৰ দাঁতিত পেলাই থৈ ৱেগন আৰখন লৈ উধাও হৈছিল আটাইকেইটা অভিযুক্ত।

ৰহস্য ভেদ
এমাহ পিছত ভেদ মিঠু বিশ্বাস হত্যাৰ ৰহস্য
শিলচৰ আৰক্ষীৰ জালত ৫ হত্যাকাৰী

প্ৰথমে গ্ৰেপ্তাৰ কৰিমগঞ্জৰ কুখ্যাত গাড়ীচোৰ অৰুণ দাসক। অৰুণ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আইজলৰ পৰা গ্ৰেপ্তাৰ জছিম উদ্দিন, পিন্টু দাস, আজিম উদ্দিন আৰু ৰাজু হুছেইনক। আৰক্ষীৰ জেৰাত মিঠু হত্যাৰ কথা স্বীকাৰ কৰিছে ৫ অভিযুক্তই।

নৃশংস ঘটনাটো আছিল বিগত ৯ ডিচেম্বৰৰ। শিলচৰ ৰামনগৰ বাইপাছত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল মিঠু বিশ্বাস। লগে লগেই শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল গাড়ীচালক মিঠু বিশ্বাসক। কিন্তু ১০ ডিচেম্বৰত হাস্পতালতে মৃত্যু হৈছিল মিঠুৰ। এই ঘটনা প্ৰথমে দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল। কিন্তু কৰিমগঞ্জত মিঠুৰ সন্ধানহীনতাক লৈ ৰুজু হৈছিল এটা গোচৰ। পিছত মিঠুৰ দুৰ্ঘটনাক লৈ নতুনকৈ তদন্ত আৰম্ভ কৰে শিলচৰ আৰক্ষীয়ে। ঘটনাৰ অনুসন্ধান চলাই শিলচৰ আৰক্ষীয়ে প্ৰথমে কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত গাড়ীচোৰ অৰুণ দাসক। অৰুণ দাসৰ স্বীকাৰোক্তিত ফাদিল হয় গাড়ী চালক মিঠু বিশ্বাসৰ হত্যা ৰহস্য। আন্তঃৰাজ্যিক গাড়ীচুৰি চক্ৰৰ মাফিয়া আছিল অৰুণ দাস। শিলচৰ আৰু গুৱাহাটীতো অৰুণ দাসৰ বিৰুদ্ধে আছে গাড়ী চুৰিৰ গোচৰ।

ঘটনাৰ নিশা কৰিমগঞ্জত টেক্সি ষ্টেণ্ডত ৰৈ আছিল মিঠু বিশ্বাস। কৰিমগঞ্জৰ পৰা শিলচৰলৈ বুলি মিঠুৰ ৱেগন-আৰ খন ভাড়ালৈ লৈছিল অৰুণ দাসে। কিন্তু বাটতে মিঠুক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি পেলাইছিল অৰুণ দাসে। তাৰ পিছতে গাড়ীত উঠে আন এজন চালক। মিঠুক ৰামনগৰ বাইপাছত পেলাই দিয়ে দলটোৱে। মিঠুক তাতেই এৰি মিজোৰামলৈ পলায়ন কৰে দুয়ো। বহু সময় অচেতন অৱস্থাত তাতেই পৰি থকা গাড়ীচালকজনে উঠিবলৈ চেষ্টা কৰোঁতেই এখন তীব্ৰবেগী ট্ৰাকে খুন্দিয়াই থৈ যায় মিঠু বিশ্বাসক।

ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আছিল কুখ্যাত গাড়ীচোৰ অৰুণ দাস। অৰুণ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আন আটাইকেইজন সহযোগীক গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...