এনেকুৱা লটাৰী হয়তো অসমত হোৱাই নাই…

মাঘ বিহু উপলক্ষে কাহানিও নোহোৱা লটাৰী
কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত
কিন্তু মানি ল’ব পৰা নাই ৰাইজে
এনেকুৱা লটাৰী হয়তো অসমত হোৱাই নাই

উজনিৰ পৰা নামনিলৈ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে লটাৰী। লটাৰী মানে উবুৰি খাই পৰে ৰাইজ। পৰাই কথা। ১০০টকাতেই যদি গাড়ী এখন পায়, বাইক এখন পায়, স্কুটী এখন পায়, আশা নকৰিবনো কিয় ৰাইজে। কণী একপ্লেট পালেওতো লোকচান নাই। শোণিতপুৰৰ ৰত্নপুৰতো অনুষ্ঠিত হৈছিল লটাৰী খেল। ৰত্নপুৰ প্ৰাথমিক শাখাৰ নামঘৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল। উপহাৰো দামী। স্কোৰপিঅ, ভেন্যু, আই টেন, বাইক, স্কুটীকে আদি কৰি দহটা মূল্যৱান উপহাৰ। সেই আশাতেই টিকট কাটিলে হাজাৰ হাজাৰ লোকে।

উৰুকাৰ পুৱা ১০ বজাত খেল অনুষ্ঠিত হোৱাৰ কথা

সেইনতেই হাতেহাতে টিকট লৈ খেল হবলগীয়া স্থানত ৰাইজ। কিমানৰ মনত যে কিমান আশা। দোৱা-প্ৰাৰ্থনা কৰি ওলাই আহিল সকলো। আহিহে পোৱাৰ পাছত কমিটিৰ এজন সদস্যই কলে

খেলতো হৈয়ে গ’ল
পুৱা ৬ বজাতেই হ’ল

ৰাইজৰ হাহাকাৰ। কি হল কেনেকৈ হল। কিয় হল। কুপন ক্ৰয় কৰা লোক শোৱাৰ পৰা উঠাৰ পূৰ্বে খেল পাতি আজৰি আয়োজক সমিতি। এতিয়া এওঁলোকে নামানে। উপহাৰ কোনে পালে। কোনেও নাই পোৱা। ১০টা উপহাৰৰ এটাও উপহাৰ কোনেও নাপালে। কোনোবাই কোনোবাই পালে। কিন্তু সেইসকল ইয়াত নায়েই। এতিয়া উভটি ধৰিছে টিকট ক্ৰেটাই। গাড়ী-বাইক পালে কোনে। সেই তালিকাও নিদিয়ে আয়োজকে। যিয়ে পাবলগীয়া আছিল পালে বুলিহে কয়। কথাতে আছে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত
ৰাইজ ক্ষুব্ধ। খেল আকৌ পাতিবই লাগিব। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এতিয়া আয়োজকে বা কি কৰে। তাৰ মাজতে আহি উপস্থিত হল এজন এজেন্ট। এয়া কুপন। কুপন জমা হোৱাই নাই। খেল পাতি শেষ। কেনেকুৱা কথা এয়া। এওঁলোকৰ দাবী। খেল চকুৰ সন্মুখত পাতক। কিন্তু সেই কথাষাৰৰ বাবেই খেলি-মেলি। কমিটিৰ সিদ্ধান্তই…

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...