‘ডিজেল গাড়ীৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰক’

বায়ু প্ৰদূষণৰ বাবে অন্যতম জগৰীয়া গাড়ীত ইন্ধন হিচাপে ডিজেলৰ ব্যৱহাৰ কমাবলৈ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে দেশজুৰি অব্যাহত আছে ডিজেল গাড়ীৰ চাহিদা। ডিজেল গাড়ীৰ নিৰ্মাণত বাধা দিবলৈ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে গাড়ী নিৰ্মাতাসকলক দিলে কঠোৰ সকীয়নি।

শীঘ্ৰে ‘বাই বাই…’ দিয়ক ডিজেল গাড়ীক
‘ডিজেল গাড়ীৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰক’
ডিজেল গাড়ীৰ নিৰ্মাতাক এই সকীয়নি স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ
অন্যথা ডিজেল গাড়ীৰ বিক্ৰীত অসুবিধা হোৱাকৈ বৃদ্ধি কৰা হ’ব কৰ

দেশত ডিজেল গাড়ীৰ নিৰ্মাণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। ভাৰতীয় গাড়ী নিৰ্মাতাক ইতিমধ্যে ডিজেল গাড়ী নিৰ্মাণৰ বিৰুদ্ধে সকীয়নি দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মতে গাড়ী নিৰ্মাতাসকলে ডিজেল গাড়ীৰ নিৰ্মাণ বন্ধ নকৰিলে কেন্দ্ৰীয় চৰকাৰে এনেকৈ কৰ বৃদ্ধি কৰিব, যাতে ডিজেল গাড়ী বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় গাড়ী নিৰ্মাতাসকল। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ১০ শতাংশ পৰিমাণে কৰ বৃদ্ধি কৰিব বুলি বাতৰি প্ৰকাশ পাইছে যদিও মন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দি কয়, এতিয়ালৈকে এই সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ডিজেলক বিপজ্জনক ইন্ধন বুলি অভিহিত কৰে গাডকাৰীয়ে
ভাৰতে বিদেশৰ পৰা যথেষ্ট পৰিমাণে আমদানি কৰিব লগা হয় ডিজেল
দেশত ডিজেল গাড়ীৰ উৎপাদন হ্ৰাসক শুভ লক্ষণ বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে
২০১৪ত ৫৩%ৰ পৰা বৰ্তমান ১৮%লৈ ডিজেল গাড়ীৰ নিৰ্মাণ হ্ৰাস
হ’ণ্ডা আৰু মাৰুতি ছুজুকিয়ে ইতিমধ্যে বন্ধ কৰিছে ডিজেল গাড়ীৰ উৎপাদন

ছ’চাইটী অব ইণ্ডিয়ান অট’ম’বাইল মেন্যুফেক্সাৰাৰ্ছৰ বাৰ্ষিক অধিৱেশনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে আৰু কয় যে ২০৭০ৰ ভিতৰত ভাৰতে কাৰ্বন নেট জিৰো কৰিবলৈ বিচাৰিছে। ইয়াৰ বাবে বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ পৰিৱেশ প্ৰতিকূল ডিজেলৰ ব্যৱহাৰ কমাবলৈ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। ডিজেলৰ পৰিৱৰ্তে পৰিষ্কাৰ আৰু সেউজ বিকল্প ইন্ধন ব্যৱহাৰ কৰিব পৰা গাড়ী উৎপাদন কৰিবলৈহে গাড়ী নিৰ্মাতাসকলক পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে আহ্বান জনায়। গাড়ী নিৰ্মাতাসকলে পৰিবহণ মন্ত্ৰীৰ এই সকীয়নিক কিমান গুৰুত্ব দিয়ে, সেয়া হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...