ৰাজ্যৰ ৯খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন

মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে যোৰহাট, মৰিগাঁও, আমগুৰি, ডিমৌ, ৰহা, সোণাৰি, কামপুৰ, ধিং আৰু টংলা৷ বৈঠকত সংশ্লিষ্ট চহৰসমূহৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষসকল, গৃহ নিৰ্মাণ আৰু গৃহ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব আৰু সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহত পৰ্যাপ্ত পৰিমাণে মুকলি স্থান, উদ্যান আৰু নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা ধাৰ্য কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন অনুসৰণ কৰাটো বাধ্যতামূলক কৰাৰ বাবেও মন্ত্ৰী সিংহলে আজিৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...