ৰাজ্যৰ ৯খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন

মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে যোৰহাট, মৰিগাঁও, আমগুৰি, ডিমৌ, ৰহা, সোণাৰি, কামপুৰ, ধিং আৰু টংলা৷ বৈঠকত সংশ্লিষ্ট চহৰসমূহৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষসকল, গৃহ নিৰ্মাণ আৰু গৃহ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব আৰু সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহত পৰ্যাপ্ত পৰিমাণে মুকলি স্থান, উদ্যান আৰু নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা ধাৰ্য কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন অনুসৰণ কৰাটো বাধ্যতামূলক কৰাৰ বাবেও মন্ত্ৰী সিংহলে আজিৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...