বুল্লিবাঈ এপৰ ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক কলেজৰ পৰা নিলম্বন, ১০ জানুৱাৰীলৈকে দিল্লী আৰক্ষীৰ জিম্মাত

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে বিতৰ্কিত ‘বুল্লিবাঈ’ এপ গোচৰত গ্ৰেপ্তাৰ কৰিছে অসমৰ এজন যুৱকক। দিল্লী আৰক্ষীয়ে দাবী কৰা অনুসৰি অসমৰ ২০ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰজনে আছিল মূল মাষ্টাৰমাইণ্ড। যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা অসমৰ যুৱকজন ২১ বছৰীয়া নীৰজ বিষ্ণৈ।


নীৰজে ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীত কম্পিউটাৰ বিষয়ত অধ্যয়ন কৰি আছে। দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচন ইউনিটৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত ভিআইটিয়ে নীৰজক নিলম্বন কৰিছে।


বৃহস্পতিবাৰেহে দিল্লী আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত ১০ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আদালতে আৰক্ষীক বুল্লিবাঈ এপ গোচৰত অনুসন্ধান কৰিবলৈ অনুমতি দিয়ে।
আৰক্ষীয়ে নীৰজক বুলি বাই এপৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে। এপটোৱে মুছলমান মহিলাসকলক লক্ষ্য কৰি আছিল আৰু নিলাম কৰাৰো অভিযোগ। ইতিমধ্যে এই গোচৰটোৰে জড়িতৰ সন্দেহত উত্তৰাখণ্ডৰ শ্বেতা সিং, বেংগালুৰুৰ বিশাল ঝা আৰু মায়াংক ৰাৱাল নামৰ আন ৩জনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।


প্ৰকাশিত খবৰ অনুসৰি দিল্লী আৰু মুম্বাই আৰক্ষীয়ে নীৰজক ধৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু মুম্বাই আৰক্ষী যোৰহাটত উপস্থিত হোৱাৰ এঘণ্টা পূৰ্বে দিল্লীৰ দলটো উপস্থিত হৈছিল আৰু অভিযুক্ত নীৰজক দিল্লীলৈ লৈ গৈছিল। চাইবাৰ চেলৰ বিষয়াসকলে এই সন্দৰ্ভত দিল্লী আৰক্ষী বিষয়াৰ সৈতে কথা পাতিছে। দুয়োটা দলে ইজনে সিজনৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। দিল্লী আৰক্ষীৰ বিশেষ IFSO দলে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশজুৰি খলকনিৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...