অসমে এটকাও নাপালে, পালে মাথোঁ সাহায্য প্ৰাপ্তিৰ আশ্বাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অষ্টলক্ষ্মী হিচাপে নামাকৰণ কৰিছিল উত্তৰ-পূৰ্বাঞ্চলক। এনেয়ে NDA চৰকাৰৰ নেতা-মন্ত্ৰীয়ে উত্তৰ-পূৱৰ উন্নয়নৰ দুৱাৰমুখ বুলি কয় অসমক। পিছে মুখত বৰ বৰ কথা, কামতহে শূণ্য।

মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটতো প্ৰতিফলন ঘটিল অসম তথা উত্তৰ-পূৱৰ প্ৰতি থকা কেন্দ্ৰৰ মাহী আই দৃষ্টি। বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ দীৰ্ঘদিনে আন্দোলন কৰি আছে ৰাজ্যৰ দল-সংগঠনে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে- অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰীয় সমাধান হ’ব।

সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত বৰ্ষৰ বানে ৰাজ্যখনত কৰা সংহাৰক লৈ প্ৰধানমন্ত্ৰীয়ে উদ্বিগ্নতাও প্ৰকাশ কৰিলে। মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে ফোনযোগে খবৰ লৈছিল অসমৰ বান পৰিস্থিতিৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ফোন যোগে খবৰ লৈছিল বানাক্ৰান্ত অসমৰ।

ডায়লগবোৰ ডায়লগ হৈয়ে থাকিল।

অসমৰ বানক লৈ কেন্দ্ৰৰ এই উদ্বিগ্নতাৰ প্ৰতিফলন বাজেটত নঘটিল।

বানৰ বাবে বিহাৰক ধন দি অসমক আশ্বাস দিলে কেন্দ্ৰই।

খোদ সংসদত দাখিল হোৱা সাধাৰণ বাজেটত লিপিবদ্ধ হৈ থাকিল এই কথা।

বাজেটত লিপিবদ্ধ তথ্য অনুসৰি বানমুক্ত বিহাৰৰ বাবে কেন্দ্ৰই ধাৰ্য কৰিলে ১১,৫০০ কোটি টকা। বাজেটত তাৰ ঠিক পিছৰটো দফাতে লিপিবদ্ধ হ’ল অসমৰ বানৰ কথা। কিন্তু অসমৰ বানৰ বাবে এটকাও নিদিলে কেন্দ্ৰই। অসমক কেৱল বান সাহায্য প্ৰদানৰ আশ্বাসহে দিয়া হ’ল।

স্বাভাৱিকতে অসমৰ প্ৰতি কেন্দ্ৰৰ এই মাহী আই নীতিৰ পিছত গৰজি উঠিল ৰাজ্যৰ বিৰোধী সাংসদ।

বান সাহায্যৰ নামত অসমক কেৱল আশ্বাস দি বিহাৰ আৰু অন্ধ্ৰ পূজনত ব্যস্ত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ধুবুৰীৰ প্ৰাক্তন বদৰুদ্দিন আজমলৰো। এই বাজেট কেৱল গাদী ৰক্ষাৰ বাজেট। বানৰ বাবে আমি পেকেজ বিচাৰিছিলোঁ, ললীপপ দিলে কেন্দ্ৰই।

বিৰোধী সাংসদসকলে বিৰূপ মন্তব্য প্ৰকাশ কৰিলেও কেন্দ্ৰৰ আশ্বাসক লৈয়ে সুখী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্মলা সীতাৰমণে বাজেটে বানমুক্ত বিহাৰৰ বাবে ১১,৫০০ কোটি আৰু অসমক বান সাহায্যৰ বাবে দিয়া আশ্বাসৰ পিছতে মুখ্যমন্ত্ৰীয়ে X–হেণ্ডেলযোগে লিখিলে- কেন্দ্ৰই বান সাহায্যৰ বাবে আমাক বিশেষ সাহায্য দিব বুলি দিয়া আশ্বাসৰ বাবে আমি অত্যন্ত সুখী।

মনকৰিবলগীয়া যে ৰাষ্ট্ৰীয় বান আয়োগৰ তথ্য অনুসৰি অসমৰ সৰ্বমুঠ ভূমিৰ ৪০% অঞ্চলেই বান-প্ৰৱণ। ৰাষ্ট্ৰীয় গড়তকৈ এয়া প্ৰায় ৪ গুণ অধিক। ২০০০ চনৰ আগভাগত অসমত ৯ লাখৰ পৰা ৪৫ লাখ লোক বানত আক্ৰান্ত হৈছে। ২০১৩ৰ পৰা ২০২২ চনলৈ ৮৩৮ গৰাকী লোকৰ মৃত্যু হৈছে বানত। ২০২২ত সৰ্বাধিক ১৮১ জন লোকৰ মৃত্যু হৈছে বানত। চলিত ২০২৪ বৰ্ষৰ বানত এই পৰ্যন্ত মৃত্যু হৈছে ৫০ জনৰো অধিক লোকৰ।

শেহতীয়া কেইটামান বছৰত বানত ভয়ংকৰভাৱে আক্ৰান্ত হৈছে ৰাজ্যৰ ধুবুৰী, দৰং, কাছাৰ, বৰপেটা আৰু মৰিগাঁও জিলা। বিগত ২০২২ বৰ্ষত আটাইতকৈ অধিক প্ৰভাৱাম্বিত জিলাসমূহৰ শীৰ্ষত আছিল কাছাৰ জিলা। কাছাৰত ২০২২ বৰ্ষত ৫ লক্ষাধিক লোক বানত আক্ৰান্ত হৈছিল। ধুবুৰীত আক্ৰান্ত হৈছিল ৭ লাখ ৭৫ হাজাৰতকৈও অধিক লোক।

গৱেষকৰ মতে প্ৰতি বছৰে অসমত প্ৰায় ৩ বাৰকৈ বান আহে। কিছুমান বছৰত বানৰ সময় আৰু দীঘলীয়া হয়। শেহতীয়া কেইটামান বছৰত বছৰি বানৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যৰ প্ৰলয়ংকৰী বানত ২০১৭ চনত মৃত্যু হৈছিল ১৬০ জন লোকৰ, ২০২০ চনত মৃত্যু হৈছিল ১২২ জন লোকৰ, ২০১৯ চনত মৃত্যু হৈছিল ১০২ গৰাকী লোকৰ। চলিত ২০২৪ বৰ্ষত ৰাজ্যজুৰি ৩০ খন জিলাৰ বানত আক্ৰান্ত হৈছে ২৪ লাখৰো অধিক লোক, মৃত্যু হৈছে ৫২ জন লোকৰ। ২০২৩ চনত ৰাজ্যত বানত আক্ৰান্ত হৈছিল ২০ খন জিলা। ২০২২ চনত ৰাজ্যখনত ৩ বাৰকৈ অহা বানে প্ৰভাৱাম্বিত কৰিছিল সৰ্বমুঠ ৩৫ খন জিলা।

মানুহৰ মৃত্যুৰ উপৰি প্ৰতিবছৰে অসমৰ বানে ধ্বংস কৰি থৈ গৈছে ৰাজ্যখনৰ আন্তঃগাঠনি। ৰাস্তা-ঘাট ধ্বংস হৈ গৈছে, শ শ পশুধনৰ অকাল মৃত্যু হৈছে, লাখ লাখ বিঘা কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে।

ইপিনে বিহাৰৰ সৰ্বমুঠ ৯৪, ১৬০ বৰ্গ কিলোমিটাৰ এলেকাৰ ৬৮,৮০০ বৰ্গ কিলেমিটাৰ এলেকাই বানত প্ৰভাৱাম্বিত হৈছে। প্ৰলয়ংকৰী বানে বিহাৰতো বিভিন্নজনৰ প্ৰাণ কাঢ়িছে। সমান্তৰালকৈ বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে পশুধন। কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে।

কিন্তু ভয়াবহতা আৰু ধ্বংসযজ্ঞৰ ক্ষেত্ৰত অসমৰ বান বিহাৰৰ বানতকৈ কোনোগুণেই কম নহয়। তাৰ পিছতো বানমুক্ত বিহাৰৰ বাবে ১১,৫০০ কোটি দি অসমক কেন্দ্ৰই দিলে মাথোঁ আশ্বাস। আৰু তাকে লৈ সুখী আমাৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়েই সুখী যেতিয়া ৰাইজেনো কি কৰিব পাৰে!

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...