দলং ভাঙি নৈত সোমাল ১০খনকৈ বাহন

ভিয়েটনামত বিধ্বংসী ঘূৰ্ণি বতাহ য়াগীৰ প্ৰভাৱ। চকুৰ সন্মুখতে খহি পৰিল বৃহৎ দলং। দলঙৰ সৈতে তলত পৰিল এখন ট্ৰাক। কেৱল সেয়াই নহয়, দলং খহি পৰাত নৈত বাগৰি পৰে কমেও ১০খনকৈ গাড়ী। সোমবাৰে পুৱা ভিয়েটনামৰ ফুথো প্ৰদেশত সংঘটিত হয় এই ঘটনা। এই দুৰ্ঘটনাৰ পিছতে সন্ধানহীন ১৩ জনকৈ লোক। মুহূৰ্ততে নিশ্চিহ্ন হৈ পৰে ৩৭৫ মিটাৰ দৈৰ্ঘৰ দলঙখন। য়াগীৰ প্ৰভাৱত দেশখনত মৃত্যু হয় কমেও ৮২জন লোকৰ। ঘৰ-দুৱাৰ, যান-বাহন, দলং, গছ-গছনি উৰুৱাই নিয়ে য়াগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...