হাতত উদ্যত AK 47 লৈ সামাজিক মাধ্যমত বীৰত্ব প্ৰদৰ্শন

নৃশংস সন্ত্ৰাসবাদীৰ দৰেই উন্মাদ আচৰণ
বিজেপি নেত্ৰীৰ পুত্ৰৰ কাণ্ডত স্তম্ভিত ৰাজ্য

সামাজিক মাধ্যমত এই প’ষ্ট ভাইৰেল হোৱাৰ পিছতে সকলো দম্ভালি হ’ল চূৰ্ণ বিচূৰ্ণ। বিজেপি নেত্ৰীৰ উদণ্ড পুত্ৰ সোমাল ৰঙাঘৰত। হাতত AK 47 লৈ হুংকাৰ দিয়া এইটো উদণ্ডৰ নাম ৰিয়াজ হুছেইন। হোজাইৰ বিজেপি সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ। মাতৃ শাসকীয় দলৰ নেত্ৰী হোৱাৰ সুবাদতে যেন গুৰু গোসাই নমনা হৈছিল ৰিয়াজ হুছেইনে। দেশৰ আইনী ব্যৱস্থাক চৰম ভ্ৰুকূটি কৰি ৰিয়াজে উদ্যত মাৰণাস্ত্ৰলৈ সামাজিক মাধ্যমত প্ৰদৰ্শন কৰিলিছ বীৰত্ব। কেবল সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰাই নহয় ৰিয়াজৰ বিৰুদ্ধে আছে আন কেইবাটাও গুৰুতৰ অভিযোগ। ড্ৰাগছৰ বেহাৰেও আছে হেনো ৰিয়াজৰ সম্পৰ্ক। মাতৃৰ প্ৰভাৱ খটুৱাই ৰিয়াজে ড্ৰাগছ সৰবৰাহকাৰী অথবা আশক্তক কৰে মৰেল পুলিচিং। পাছত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা ড্ৰাগছ নিজেই সেৱন কৰে ৰিয়াজে। ইফালে ৰিয়াজ হুছেইনৰ বিৰুদ্ধে আছে অবৈধ অস্ত্ৰ সৰবৰাহত জৰিতৰো অভিযোগ। কিন্তু AK 47 লৈ সামাজিক মাধ্যমত প’ষ্ট দিয়াৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত পলাতক অৱস্থাত আছিল ৰিয়াজ। হোজাইৰ পৰা পলায়ন কৰি গুৱাহাটীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি আছিল উদণ্ড ৰিয়াজে। অৱশেষত গোপন সূত্ৰৰ পম খেদি হোজাইৰ ASP পল্লৱ তামুলীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সামাজিকমাধ্যতম সন্ত্ৰাস সৃষ্টিকাৰী ৰিয়াজ হুছেইনক। মাতৃ বিজেপিনেত্ৰী হোৱাৰ সুযোগ লৈ চূৰান্ত অতপালী কৰা ৰিয়াজৰ বৰ্তমান ঠিকনা ৰঙাঘৰৰ অন্ধকাৰী কুঠৰী।

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...