আপোনাৰ সন্তানেও মোবাইলত খেলে নেকি অনলাইন গেম?

মোবাইলত অনলাইন গেমৰ প্ৰতি আসক্ত নেকি আপোনাৰ সন্তানটি। তেন্তে এতিয়াই সাৱধান হওক আপুনি। অন্যথা আপুনিও এদিন পৰিব পাৰে বিপদত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ১৬ বছৰীয়া এটি কিশোৰে গুলীয়াই হত্যা কৰিছে নিজৰে মাতৃক । কাৰণটো জানিলে হয়টো আপুনিও আচৰিত হ’ব। কিয় নিজৰ মাতৃক এনেদৰে হত্যা কৰিলে পুত্ৰই। ইয়াৰ কাৰণ আন একো নহয়। কাৰণটো হ’ল মোবাইলৰ অনলাইন গেম। PUBG নামৰ মোবাইল অনলাইন গেমত আসক্ত হৈছিল ১৬ বছৰীয়া পুত্ৰ। মোবাইলৰ গেমৰপৰা পুত্ৰক আঁতৰাই ৰাখিব বিচাৰিছিল মাতৃয়ে। কিন্তু তাৰ বাবেই যেন নিজৰ জন্মদাত্ৰী মাতৃও পুত্ৰৰ বাবে হৈ পৰিল শত্ৰু। অৱশেষত নিজৰ মাতৃকে হত্যা কৰিলে পুত্ৰই।

ঘৰত কোনো নথকা অৱস্থাতে পিতৃৰ পিষ্টলৰে নিজ মাতৃক হত্যা কৰে ১৬ বছৰীয়া পুত্ৰই। হত্যাকাৰী কিশোৰ পুত্ৰ এতিয়া লক্ষ্ণৌ আৰক্ষীৰ জিম্মাত। প্ৰথম অৱস্থাত আৰক্ষীৰ সন্মুখত সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰিবলৈ অপচেষ্টা কৰিছিল ১৬ বছৰীয়া কিশোৰটিয়ে। মাতৃৰ হত্যা সন্দৰ্ভত আৰক্ষীৰ সন্মুখত দাঙি ধৰিছিল বিভিন্ন সন্দেহজনক ভাষ্য। অৱশ্যে হত্যাকাৰী পুত্ৰৰ ভাষ্যৰ অমিল পাই আৰক্ষীয়ে তন্ন-তন্নকৈ সকলো দিশ পৰীক্ষা কৰাত এই হত্যাকাণ্ডৰ সৈতে নিজ পুত্ৰ জড়িত থকাৰ প্ৰমাণ লাভ কৰে। বৰ্তমান ১৬ বছৰীয়া কিশোৰটিক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে লক্ষ্ণৌ আৰক্ষীয়ে। এই ঘটনা ইতিমধ্যে বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত হোৱাৰ লগে লগে শংকিত হৈ পৰিছে অভিভাৱকসকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...