পদক অবিহনে ঘৰলৈ উভতিব মেগনিফিচেন্ট মেৰী

টকিঅ’ অলিম্পিকৰ পৰা বাহিৰ হ’ল মেৰী কম

কল’ম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়াৰ হাতত পৰাস্ত হয় মেৰী কম

পদক অবিহনে ঘৰলৈ উভতিব মেগনিফিচেন্ট মেৰী

গুৱাহাটী, ২৯ জুলাই, NKTV: ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমৰ অলিম্পিক যাত্ৰাৰ আজি যৱনিকা পৰে। মহিলাৰ ফ্লাইৱেট কেটেগৰীৰ প্ৰি-কোৱাৰ্টাৰত ইনগ্ৰিট ভিক্টোৰিয়া ভেলেন্সিয়াৰ হাতত পৰাজিত হয় এম চি মেৰী কম। শ্বাসৰুদ্ধকাৰী মেচখনত মেৰী কমে নিজৰ সৰ্বস্ব উজাৰি দিয়া স্বতেও কলোম্বিয়াৰ বক্সাৰ গৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। খেলখনত মেৰী কমে ৩-২ ব্যৱধানত পৰাজয় বৰণ কৰে। হয়তো, মেৰী কমৰ বাবে এইখনেই তেওঁৰ জীৱনৰ অন্তিমখন অলিম্পিক মেচ বুলি ইতিমধ্যে প্ৰকাশ কৰিছে খেলুৱৈ গৰাকীয়ে। কাৰণ খেলুৱৈ গৰাকীয়ে ২০২৪ত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত অংশ লোৱাৰ আশা ক্ষীণ। পুৰুষৰ ৯১ কিঃগ্ৰাঃ কেটেগৰীৰ কোৱাৰ্টাৰ ফাইনেলত সতীশ কুমাৰ। ইপিনে, মহিলা বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু। ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডক ২১-১৫, ২১-১৩ত পৰাস্ত কৰে সিন্ধুয়ে। আনহাতে, হকীত প্ৰথম দুটা কোৱাৰ্টাৰ গ’লবিহীন হোৱাৰ পিছত, ভাৰতৰহৈ বৰুণ কুমাৰে ৪৩ মিনিটত, বিবেক সাগৰ প্ৰসাদ ৫৮ মিনিটত আৰু হৰমনপ্ৰীত সিঙে ৫৯ মিনিটত সৰ্বমুঠ তিনিটা গ’লৰ সহায়ত আৰ্জেণ্টিনাক পৰাস্ত কৰি  কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ভাৰতীয় ৰ’ৱাৰ, অৰবিন্দ সিং আৰু অৰুণ লাল জাটে পুৰুষৰ ডাবল স্কালচ ফাইনেল বি-ত ৫ম স্থান লাভ কৰিছিল যাৰ অৰ্থ হৈছে তেওঁলোকে সামগ্ৰিকভাৱে ১১সংখ্যক স্থানত আছে।  ইপিনে, ভাৰতীয় গল্ফাৰ অনিৰ্বাণ লাহিড়ীৰ অলিম্পিক যাত্ৰাও আজি আৰম্ভ হৈছে। শ্বুটিংত ২৫ মিটাৰ পিষ্টল মহিলাৰ কেটেগৰীত প্ৰথম ৰাউণ্ডত ভাৰতৰ মনু ভাকাৰ আৰু ৰাহি চাৰ্নোবাটে ক্ৰমান্বয়ে ৫ম আৰু ২৫ তম স্থান লাভ কৰিছে। দ্বিতীয় পৰ্যায় কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ’ব।

SPORTS DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...