ভূমি কাৰ? আন্তঃৰাজ্যিক বিবাদ নহয়, এইবাৰ আন্তঃজিলা সীমা বিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুবুৰীয়া ৰাজ্যৰ লগত সঘনাই সংঘাত চলি থকাৰ সময়তে এইবাৰ সৃষ্টি হৈছে আন্ত:জিলা সীমা বিবাদৰ ৷ এইবাৰ হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ মাজত সীমা বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ লামডিঙৰ বালুনালাৰ জংগলব্লক অঞ্চলত কাৰ্বি আংলঙৰ বন বিভাগৰ লোক আৰু কাৰ্বি লোকে হোজাই জিলাৰ মাটি নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰাৰ অভিযোগ ৷

আজি ঘটনাস্থলীত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰে ৷ বিভিন্ন সময়ত হোজাই জিলাৰ লামডিঙৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত কাৰ্বি আংলঙৰ লোকে বনাঞ্চল কাটি নিজৰ ভূমি বুলি দাবী কৰি আহিছে ৷

হোজাই জিলাৰ উপায়ুক্তগৰাকীয়ে কয় যে এতিয়াও বিবাদ হোৱা নাই আৰু কাৰ্বি আংলঙৰ জিলা প্ৰশাসনে গোটোই বিষয়টো আন্তৰিকতাৰে আলোচনা কৰি সমাধা কৰাৰ আশ্বাস দিয়ে ৷ লামডিঙৰ বিধায়কগৰাকীয়ে কয় যে শান্তিপূৰ্ণভাবে সকলো সমস্যাৰ সমাধান কৰিব আৰু সকলো ৰাইজক এই ক্ষেত্ৰত ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...