‘ড° নীলিমা শৰ্মাৰ জীৱন আৰু কৃতি’ শীর্ষক গ্ৰন্থ উন্মোচন

উন্মোচন হ’ল ‘ড° নীলিমা শৰ্মাৰ জীৱন আৰু কৃতি’ শীর্ষক গ্ৰন্থ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন প্রধান অধ্যাপিকা, ৰামধেনু যুগৰে পৰা গল্প, উপন্যাস আৰু মননশীল প্রৱন্ধ ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা প্ৰয়াত নীলিমা শৰ্মাৰ ভেটাপাৰাৰ স্থায়ী বাসগৃহত ৬ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা এক সভাত শতাধিক গুণগ্রাহীৰ উপস্থিতিত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীদেৱে গ্ৰন্থখনি উন্মোচন কৰি ব্যক্তিগত সান্নিধ্যৰ স্মৃতিৰে ড° নীলিমা শৰ্মাৰ বহুমুখী ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি প্ৰয়াত নীলিমা শৰ্মাৰ পৰিয়ালক এক আদর্শ পৰিয়াল বুলি অভিহিত কৰে। ‘ড° নীলিমা শর্মা: জীৱন আৰু কৃতি’ গ্রন্থখনি সংকলন আৰু সম্পাদনা কৰা প্ৰয়াত লেখিকাগৰাকীৰ স্বামী সু-সাহিত্যিক ড° বিনোদ শর্মাই বহুতো গুণগ্রাহীৰ অনুৰোধত বহু কষ্টেৰে এই গ্ৰন্থখনি লিখি প্রকাশ কৰি উলিয়াব পৰা বাবে সন্তুষ্টি প্রকাশ কৰে। লগতে তেওঁ জনায় যে এই গ্রন্থ বিক্ৰী কৰি পোৱা সমস্ত ধন ভূৱনেশ্বৰ বৰুৱা কৰ্কট ৰোগ গৱেষণা প্ৰতিষ্ঠানক দান কৰা হ’ব। এই অনুষ্ঠানত উপস্থিত থাকি ড° বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ বিভূতি ভূষণ বৰঠাকুৰে ড° নীলিমা শৰ্মাৰ পৰিয়ালবৰ্গই গ্ৰন্থখনি প্রকাশৰ জৰিয়তে লোৱা এই সৎ প্রচেষ্টাৰ শলাগ লয়। বিশিষ্ট সাহিত্যিক তথা অসামৰিক সেৱাৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে হাইস্কুলীয়া জীৱনৰ পৰাই প্রয়াত নীলিমা শৰ্মাৰ সাহিত্য-কৰ্মৰ প্ৰতি হোৱা তেওঁৰ গভীৰ অনুৰাগৰ কথা উল্লেখ কৰি লেখিকাগৰাকীৰ ‘বিদায় শ্যামশ্রী’ নামৰ গ্ৰন্থখনি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষভাৱে প্ৰচাৰ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথা প্রকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু ড° সৌৰভপ্ৰাণ গোস্বামীয়ে ড° নীলিমা শর্মাই শিক্ষাগুৰু আৰু গৱেষণা সহায়কৰূপে তেওঁক কৰা সহায়ৰ কথা শ্রদ্ধাবে উল্লেখ কৰে। এই উন্মোচনী অনুষ্ঠানত দূৰ সংযোগী মাধ্যমেৰে অংশগ্রহণ কৰি ড° নীলিমা শৰ্মাৰ লগত ব্যক্তিগত সান্নিধ্যৰ স্মৃতিচাৰণ কৰে ডুবাইত চার্টার্ড একাউন্টটেন্ট স্বৰূপে কৰ্মৰত ইন্দ্ৰাণী হাজৰিকা, গুড়গাঁৱত থকা ঋতুৰাজ গগৈ, মুম্বাইত থকা স্থপত্যবিদ আৰু লেখক পার্থজিত শৰ্মা আৰু আই আই টি গুৱাহাটীৰ অধ্যাপিকা ঋতুপর্ণা ভট্টাচার্য্য। অনুষ্ঠানত ড° নীলিমা শৰ্মা সমস্ত শিক্ষা জীৱন আৰু কৰ্মজীৱনক সামৰি প্ৰস্তুত কৰা এক মননশীল ভিডিঅ’ প্রস্তুত কৰি প্ৰদৰ্শন কৰে ড° নীলিমা শৰ্মাৰ পুত্ৰ মণিকূট শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...