চলন্ত ৰে’লৰ তলত জীৱন-মৃত্যুৰ খেলা, উদণ্ড যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এটা ৰীলৰ বাবেই জীৱন-মৃত্যুৰে খেলা উদণ্ড যুৱকৰ। ৰে’লৰ তলত শুই বনালে ভিডিঅ’। সস্তীয়া জনপ্ৰিয়তাৰ বাবেই ভয়ংকৰ কাণ্ড যুৱকৰ।

বাইক বা চাৰিচকীয়া বাহনেৰে ষ্টাণ্ট নহয়। এইবাৰ ৰীল বনাবলৈকে শুলে ৰে’লপথত। শুই থকা অৱস্থাতে মূৰৰ ওপৰেৰে চলি গ’ল ৰে’ল। নিজৰ ম’বাইলেৰে আবদ্ধ কৰিলে শিহৰণকাৰী দৃশ্য। জীৱন-মৃত্যুৰে খেলা কৰা হাইলাকান্দিৰ উদণ্ড যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। হাইলাকান্দিৰ লালাৰ ৰংপুৰৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ যুৱকজনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাপুল আলম বৰভূঞা নামৰ যুৱকজনক। ছ’চিয়েল মিডিয়াত চাঞ্চল্য সৃষ্টি কৰিবলৈ গৈ মৃত্যুৰে খেলা কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...

ভাৰতত পৰোক্ষ ধূমপানৰ ভয়ংকৰ প্ৰভাৱ, ৪৪.৪ কোটি লোক ধোঁৱাৰ সংস্পৰ্শত

ভাৰতত পৰোক্ষ ধূমপান অৰ্থাৎ আন কোনো ব্যক্তিয়ে কৰা ধূমপানৰ...