গোলাঘাটত সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল দুধনৈৰ বনজিতা; ‘মিষ্টাৰ এণ্ড মিছ ৰয়েল অৱ আইকন ফেচ ২০২৬’ত মহিলা শাখাত শ্ৰেষ্ঠ খিতাপ অৰ্জন বনজিতাৰ

গোলাঘাটত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত উজলি উঠিল গোৱালপাৰা জিলাৰ দুধনৈৰ বগুলামাৰী গাঁৱৰ যুৱতী বনজিতা দৈমাৰী। ১৩ ছেপ্টেম্বৰত গোলাঘাটত অনুষ্ঠিত ‘মিষ্টাৰ এণ্ড মিছ ৰয়েল অৱ আইকন ফেচ ২০২৬’ ছিজন-৪ সৌন্দৰ্য প্ৰতিযোগিতাত মিছ শাখাত অৰ্থাৎ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে বনজিতাই।

কিণ্ডাৰ, মিষ্টাৰ, মিচেছ আৰু মিছ—বিভিন্ন শাখাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ মিছ শাখাত ২০ গৰাকীতকৈ অধিক প্ৰতিযোগীক চেৰ পেলাই প্ৰথম স্থান দখল কৰে বনজিতাই।

এই সফলতাৰ জৰিয়তে গোৱালপাৰা জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা বনজিতাই লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ।

বনজিতাৰ এই সফলতাই তেওঁৰ কেৰিয়াৰলৈ কঢ়িয়াই আনিছে আন এক সুবৰ্ণ সুযোগ। প্ৰতিযোগিতাখনৰ জৰিয়তে গোৱাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতালৈ পোনপটীয়া প্ৰৱেশৰ সুযোগ লাভ কৰিছে তেওঁ।

নিজৰ সফলতাৰ সন্দৰ্ভত বনজিতাই কয়—“মই নিজেই নিজৰ অনুপ্ৰেৰণা। নিজকে দেখিয়েই মই আত্মবিশ্বাস আয়ত্ত কৰিছোঁ।”

এতিয়া গোৱাৰ ৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সাজু বনজিতা দৈমাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...