বলীউডত সফলতা অৰ্জন কৰিবলৈ কি কি ত্যাগ কৰিছে এই সকল তাৰকাই

বলীউডত সফলতা অৰ্জন কৰাটো ইমান সহজ নহয়। নিজৰ সপোন দিথকিত কৰিবলৈ ত্যাগৰ দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিবলগীয়া হয়। বলীউডত ভালেই সংখ্যক এনে অভিনেতা-অভিনেত্ৰী আছে যিসকলে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বলীউডত অভিনয়ক নিজৰ কেৰিয়াৰ হিচাপে বাচি লৈছে। নিজৰ কষ্টৰে বলীউডত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা এইসকল অভিনেতা-অভিনেত্ৰী আৰম্ভণিতেই ইমান সফল নাছিল। যদিও অতি কষ্টৰে বলীউডৰ এনে অভিনেতা -অভিনেত্ৰীয়ে আজি বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই অভিনেতা-অভিনেত্ৰীসকলে নিজৰ সপোনক দিথকিত ৰূপ দিবলৈ অতি মৰমৰ ঘৰখন ত্যাগ কৰি অহাৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিব পৰা যায়।

১. কংগনা ৰাণাৱট

কংগনাৰ বলীউডত অভিনয়ৰ কৰাৰ সপোনৰ বিৰোধীতা কৰিছিল পিতৃয়ে। কিন্তু নিজৰ সপোন যিকোনো প্ৰকাৰে হলেও সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল অভিনেত্ৰীগৰাকী।পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বলীউডৰ মোহময়ী অভিনেত্ৰীয়ে মাত্ৰ ১৫ বছৰ বয়সতেই ঘৰ এৰি অভিনয়ৰ সপোন সম্পূৰ্ণ কৰিবলৈ মুম্বাইলৈ গুচি আহিছিল। এনে সময়তে অভিনেত্ৰীগৰাকীয়ে আণ্ডাৰৱৰ্ল মাফিয়াৰ জালত পৰাৰ কথাও জানিব পৰা যায়। যদিও সকলো বাধা নেওচি আজি তেওঁ নিজৰ সপোনক দিথকিত কৰিবলৈ সক্ষম হৈছে।

২. চনু চোড

বলীউডৰ সপোন সম্পূৰ্ণ কৰিবলৈ চনু চোডে ২০ বছৰ পূৰ্বেই ঘৰ ত্যাগ কৰাৰ কথা জানিব পৰা যায়। লুধিয়ানা ষ্টেচনৰ পৰা নিজৰ লগত মাথ্ৰ এখন ফিল্মখেয়াৰ মেগাজিন লৈ মুম্বাইত উপস্থিত হৈছিল তেওঁ।

৩. কাৰ্তিক আৰ্য়া

বলীউডৰ অভিনেতা কাৰ্তিক আৰ্যাই চিকিৎসক পিতৃ-মাতৃৰ অজ্ঞাতে আৰম্ভ কৰিছিল বলীউড যাত্ৰা। কিয়নো অভিনেতাজনৰ পিতৃ-মাতৃয়ে কেতিয়াও বিচৰা নাছিল তেওঁ লোকৰ পুত্ৰই কেৰিয়াৰ হিচাপে অভিনয়ক বাছি লওক। কাৰ্তিক এজন সুখ্যাত অভিযন্তা হব বুলি তেওঁলোকে আশা কৰিছিল। যদিও মাত্ৰ ৯ম শ্ৰেণীৰ পৰাই কাৰ্তিকে নিজকে এজন অভিনেতা হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিল। উচ্চতৰ মাধ্যমিক শিক্ষা সামৰি নিজৰ সপোনৰ দিথকিত কৰিবলৈ মুম্বাইলৈ আহিছিল জনপ্ৰিয় অভিনেতাজনে। যদিও সেইসময়ত তেওঁৰ পিতৃ-মাতৃয়ে এই বিষয়ে একেইবাৰেই অৱগত নাছিল।

৪. নাছিৰউদ্দিন শ্বাহ

বলীউডৰ বৰ্যীয়ান অভিনেতা নাছিৰউদ্দিন শ্বাহেও নিজৰ সপোন দিথকিত কৰাৰ বাবে মাত্ৰ ১৬ বছৰ বয়সতেই ঘৰ ত্যাগ দিছিল। এই কথা অভিনেতাজনৰ জীৱনীত ‘Then One Day’ৰ পৰা জানিব পৰা যায়।

বলীউডৰ এইসকল ষ্টাৰে অতি কষ্টৰে অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁলোকৰ ত্যাগ আৰু ধৈৰ্য্যৰ ফলত আজি এইসকল অভিনেতা-অভিনেত্ৰী বলীউডৰ একো একোজন বিখ্যাত actor ৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...