গুৱাহাটী মহানগৰীত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, ১৪ জুলাই, NKTV: গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত ২১৬৯জন। ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ১লাখ ২৪হাজাৰ ৩৮১টা। দিনটোত পজিটিভিটীৰ হাৰ ১.৭৪ শতাংশ। কামৰূপ মহানগৰত ২৫৮জনৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে মঙলবাৰৰ দিনটোত। ২৩জন ৰোগীৰ মৃত্যু। আৰোগ্যৰ হাৰ ৯৫.০৭ শতাংশ। বিগত সময়চোৱাত ৰাজ্যৰ কেবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰীতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে চৰকাৰ। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ স’তে অনুষ্ঠিত এক বৈঠকত এই নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...