বকোত বড়ো সাহিত্য সভাৰ অধিৱেশন

বকোত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ অধিৱেশন। ৬৩ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। অধিৱেশনক লৈ বৰ্ণিল পৰিৱেশৰ সৃষ্টি হৈছে বকোত।

বকোত বড়ো সাহিত্য সভাৰ অধিৱেশন
গান্ধী ময়দানত উদুলি–মুদুলি পৰিৱেশ
দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ শিক্ষামন্ত্ৰীৰ
বড়ো ভাষাক আগুৱাই নিয়াৰ আহ্বান শিক্ষামন্ত্ৰীৰ
অধিৱেশনত বহু কেইখন গ্ৰন্থ উন্মোচন

বকোত ‘‘বৰ’ থুনলাই আফাড’’
বড়ো সাহিত্য সভাৰ অধিৱেশনক লৈ বৰ্ণিল পৰিবেশ
বড়ো সংস্কৃতিৰে উদ্ভাসিত অধিৱেশনস্থলী
কামৰূপৰ বকোৰ গান্ধী ময়দানত চলি আছে ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনা অগণন লোকৰ উপস্থিতিয়ে জীপাল কৰি তুলিলে গান্ধী ময়দান। নৃত্য–গীতেৰে মুখৰ হ’ল অধিৱেশনস্থলী

শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, বিশিষ্ট ব্যৱসায়ী জয়ন্ত বৰুৱা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যৱাহী টংকেশ্বৰ ৰাভাকে ধৰি বহুসংখ্যক বিশিষ্ট লোকে। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বড়ো সাহিত্য সভাৰ দায়িত্ব শিক্ষায়তনিক পৰিৱেশনৰ প্ৰসাৰ কৰাৰ বাবে আহ্বান জনায়।

অধিৱেশনৰ মঞ্চত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়
দেওবাৰে অন্ত পৰিব বড়ো সাহিত্য সভাৰ অধিৱেশনৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...