পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী

পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী। ছিপাঝাৰৰ এটা ভেলাঘৰ বিশেষভাৱে চৰ্চ্চালৈ আহিছে। বছৰ বছৰ ধৰি ভেলাঘৰটি নিৰ্মাণ কৰি আহিছে গঞাই। নিৰণ নামৰ চুবাটিত এই ভেলাঘৰতে ভোজভাত খোৱাৰ পৰম্পৰা বহুযুগীয়া। এই ভেলাঘৰতে ভোজ ভাত খাই ৰং ৰহইছ কৰে গঞাই। উৰুকাৰ দিনা ভোজ ভাত খোৱাৰ পাছত জ্বলোৱা হয় এই ভেলাঘৰ। কিন্তু এইবাৰ হ’ল ব্যতিক্ৰম। ভংগ হ’ল বহুদিনীয়া পৰম্পৰা। ভেলাঘৰ নজ্বলিল।

এফালে পৰম্পৰা…
আনফালে প্ৰকৃতিপ্ৰীতি…
পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী…
বছৰ বছৰ ধৰি এই ভেলাঘৰটি নিৰ্মাণ কৰি আহিছে গঞাই। চুবাটিত এই ভেলাঘৰতে ভোজভাত খোৱাৰ পৰম্পৰা বহুযুগীয়া। এই ভেলাঘৰতে ভোজ ভাত খাই ৰং ৰহইছ কৰে গঞাই। উৰুকাৰ দিনা ভোজ ভাত খোৱাৰ পাছত জ্বলোৱা হয় এই ভেলাঘৰ। কিন্তু এইবাৰ হ’ল ব্যতিক্ৰম। ভংগ হ’ল বহুদিনীয়া পৰম্পৰা। ভেলাঘৰ নজ্বলিল। আজিও একেদৰেই ৰ’ল এই ভেলাঘৰ। উৰুকাৰ ভোজৰ সকলো ব্যৱস্থা কৰিও বিৰত থাকিল ভোজ ভাতৰ পৰা। কাৰণ এই ভেলাঘৰতে উৰুকাৰ দুদিন আগত দেখা গ’ল এহাল কপৌ। কপৌ হালে পাৰিছে কণী। উৰুকাৰ ভোজ খাম বুলি ভবা গঞা বিমোৰত পৰিল। চলিল আলোচনা। শেষত সিদ্ধান্ত ‘আমি ভেলাঘৰটো নজ্বলাওঁ’
উৰুকাৰ ভোজ ভাতৰ আনন্দতকৈও এইসকল গঞাই প্ৰাধান্য দিলে এহাল কপৌৰ নিৰাপত্তা।

এইবাৰ উৰুকাৰ ভোজ খোৱা নহ’ল। কিন্তু এইসকলৰ অন্তৰ ভৰিছে প্ৰশান্তিৰে। ‘ভালৰ বাবেই কিবা এটা কৰিছোঁ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন...

৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ'ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ...