ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত চানমাৰী কলনীত ব’হাগী উৎসৱ মেলাৰ শুভাৰম্ভ

বীণা বৰদলৈ উদ্যমী বঁটা জাহাজ নিৰ্মাতা অঞ্জলী বৰাক প্ৰদান

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ঢোল পেঁপা-গগনাৰ শৱ্দত চৌপাশ আলোড়িত হোৱাৰ সময়তে মহানগৰীত বিহুৰ বতৰা লৈ আহিছে ব’হাগী উৎসৱ মেলাসমূহে। শুকুৰবাৰৰ পৰা চানমাৰী কলনী পূজা মণ্ডপত আৰম্ভ হৈছে ঋতম্ভৰা ব’হাগী উৎসৱ মেলা, ২০২৫। প্ৰসিদ্ধ অভিনেত্ৰী মলয়া গোস্বামী, ২ উদ্যমী মহিলা স্মিতাক্ষী গোস্বামী আৰু ডাঃ অক্ষতা নাৰায়ণে আজি দুপৰীয়া ফিটা কাটি মহিলা সবলীকৰণৰ লক্ষ্যৰে আয়োজিত এই মেলাখনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত সমাজসেৱী মহিলা মামনি দাস আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সহযোগ কৰে।

এই অনুষ্ঠানৰ লগত ৰজিতা খুৱাই প্ৰদান কৰা হয় বীণা বৰদলৈ সোঁৱৰণী উদ্যমী বঁটা। প্ৰথমবাৰলৈ প্ৰদান কৰা এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ জাহাজ নিৰ্মাতা মহিলা উদ্যোগী তথা ভোট জলকীয়া আৰু পানচৈ ৰেষ্টুৰাৰ স্বত্বাধিকাৰী উদ্যমী মহিলা অঞ্জলি বৰাক। বঁটা হিচাপে তেওঁক প্ৰদান কৰা হয় স্মাৰক, শৰাই, অংগবস্ত্ৰ, উপহাৰৰ টোপোলা।

বুবি তালুকদাৰৰ তত্বাৱধানত আয়োজিত ঋতম্ভৰা বহাগী মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুৰিগৰাকী উদ্যমী মহিলাই অংশগ্ৰহণ কৰিছে। মেলাখনত প্ৰদৰ্শিত সামগ্ৰীৰ ভিতৰত আছে বিহু উপলক্ষে বিভিন্ন আকৰ্ষণীয় ডিজাইনৰ মেখেলা চাদৰ, চুৰিদাৰ, বেড কভাৰ, কুশ্বন, অসমীয়া গহণা, বিভিন্ন হস্তনিৰ্মিত সা-সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী, টাপাৰৱেৰৰ ভিন্ন ডিজাইনৰ বাচন, বিহুৰ পিঠাপনা, লাৰু তথা অন্য খাদ্য সামগ্ৰী আদি। অহা ৭ এপ্ৰিললৈ ৩ দিনীয়া কাৰ্যসূচীৰে বহাগী মেলাখন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...