চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে

তৰণি নাই নাচনীৰ খোজত
নাহৰো ফুলিল গছৰে ডালত
আগলি বাঁহ চাঁচি সাজিছে গগণা
ঢোল পেঁপাৰ মাততে বিহুটিৰ বতৰা

চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে। অসমৰ প্ৰতি চুবা চুবুৰীয়ে এতিয়া ৰঙালীক আদৰাৰ ৰংমন প্ৰস্তুতি। ঐয়াঙে দৈয়াঙে চলিছে বিহু কৰ্মশালা, চলিছে বাদ্য নিৰ্মাতাৰ ব্যাপক তৎপৰতা। পেঁপাৰ লহৰত চুবুৰী কঁপাইছে অসমীয়া ডেকাই। এয়া বিহু বলিয়া লাহোৱালৰ অসমীয়া। লাহোৱাল আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত চলিছে মোহনবাৰীত বিহুৰ কৰ্মশালা। পেঁপাৰ সন্মোহনী মাতত এয়া বসন্তৰ বাসন্তী বা। এয়া চিলাপথাৰ। কণমানি ঢুলীয়াৰ সুতীব্ৰ চাপৰত কঁপি উঠিছে অসমী সংঘৰ বাকৰি। বিহুৱা শিল্পী সমাজৰ উদ্যোগত আয়োজিত এই বিহু কৰ্মশালা। বিহু নাচ, নাম আৰু বাদ্যক সঠিক ৰুপত উপস্থাপনৰ বাবে নতুন চামক প্ৰশিক্ষণ প্ৰদানৰ বাবে এটা দশকে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে শিল্পী সমাজে। প্ৰশিক্ষাৰ্থী সকলৰ সুললিত বিহু নাম,বাঁহী,ঢোল আৰু পেঁপাৰ উত্তাল মাতে ৰজনজনালে বিহুৰ বাকৰি। বিহুৰ অনবদ্য অংগ গগণা। ৰাজ্যৰ প্ৰতি প্ৰান্তত বাঁহ চাঁচি সাজিছে গগণা। এয়া ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ শিল্পী ভোগেশ্বৰ গগৈ। এতিয়া ব‍্যস্ত হৈ পৰিছে গগনা বনোৱাত। প্ৰায় ২২ বছৰ ধৰি গগনা বনাই আহিছে ব‍্যক্তি জনে। এইবছৰো কোনো ব‍্যতিক্ৰম নহয়।

ব’হাগৰ বিহুলৈ সাজু হৈছে লোকবাদ্য প্ৰস্তুতকৰ্তা ধেমাজিৰ হাঁহচৰা গাঁৱৰ কৃষ্ণকান্ত গগৈ ৷ নিৰ্বাচনী গৰম বতাহৰ মাজতে বিহুৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ প্ৰস্তুত কৰি ইতিমধ্যে বজাৰত বিক্ৰীৰ বাবে সাজু হৈছে ধেমাজিৰ লোকবাদ্য শিল্পী কৃষ্ণকান্ত গগৈ৷ কাকৈ ফণী, চুঙা নেগেৰা, জাইলেম, জেংকং, ত্ৰি তাল, এক তাৰা আদি বাঁহ, কাঠ, মাটিৰ পৰা প্ৰস্তুত কৰা থলুৱা লোকবাদ্য সমূহ বিহুৰ সময়ত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে কৃষ্ণকান্তই। নিৰ্বাচনৰ বাবে বজাৰ কিছু সেমেকা। চৰকাৰী সহায়লৈ চাইছে বাট। ঢোল সাজু কৰি বিহুলৈ বাট চাইছে এইসকল বাদ্য নিৰ্মাতাই। জামুগুৰিহাট, গহপুৰে প্ৰমুখ্য কৰি অপাৰ ব্যস্ততা সকলোৰে। ঢোলৰ মাতে পাতত বাঢ়ি দিয়া ভাতো এৰিবলৈ বাদ্য কৰে। ঢোল পেঁপাৰ মাতে যে টানি আনিছে এই সকল নাচনীক। দৃশ্য এয়া দুধনৈৰ ঠেকাচুৰ ৰাজহুৱা খেলপথাৰ৷ চেনাই ঢোলৰ চেওঁত ককাল ভাঙিছে ৰঙালী নাচনীয়ে ৷ প্ৰতিদিনে পুবা-গধূলি এতিয়া আঁহতৰ তোল অথবা নৈৰ পাৰ নতুবা ৰাজহুৱা খেলপথাৰত এনেদৰে চলিছে বিহুৰ আখৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...