‘অসমত বিজেপিয়ে ১২ খন আসন লাভ কৰিব’

অসমত বিজেপিয়ে ১২ খন আসন লাভ কৰিব। এই দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত ৰোড শ্ব’ কৰাৰ পাছত মঙলবাৰে অসমত পূৰ্বতকৈও অধিক আসন লাভ কৰাৰ দাবী কৰিলে BJPৰ জ্যেষ্ঠ নেতাজনে।
‘অসমৰ জনতা BJPৰ লগত আছে’
‘আমি নূন্যতম ১২খন আসন লাভ কৰিম’
এই দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

অসমত লোকসভা নিৰ্বাচনত BJPয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিতশ্বাহে। মঙলবাৰে গুৱাহাটীত সংবাদমেলত এই দাবী কৰিলে অমিত শ্বাহে। ১২খন আসনেৰে পূৰ্বতকৈও অধিক আসন লাভ কৰিব বুলি উদাক্ত কণ্ঠেৰে ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসমলৈ অহা শান্তি আৰু উন্নয়নৰ বাবে BJPয়ে এনেধৰণৰ ফলাফল লাভ কৰিব বুলিও মন্তব্য কৰিলে অমিত শ্বাহে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নৰ কাম–কাজে অসমৰ জনতা BJPৰ লগত আছে বুলিও মন্তব্য কৰিলে BJPৰ জ্যেষ্ঠ নেতাজনে। সেই বাবেই অসমৰ জনতা BJPৰ লগত আছে বুলি মন্তব্য কৰি অমিত শ্বাহে কয় যে অসমত আসনৰ সংখ্যা ১২ত কৈয়ো বেছি হোৱাৰ সম্ভাৱনা আছে।

সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সমগ্ৰ দেশত জনতাই BJPৰ পক্ষতে ভোট দিছে বুলিও দাবী কৰে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অসমৰ লগতে সমগ্ৰ দেশতে BJPক জনতাই আদৰি লৈছে আৰু মোদীৰ নেতৃত্বতে BJPৰ ৪০০তকৈও অধিক আসন লাভৰ দিশে অগ্ৰসৰ হৈছে বুলি দাবী অমিত শ্বাহৰ। প্ৰথম দুটা পৰ্যায়তে BJPয়ে ১০০তকৈ অধিক আসন লাভ কৰাৰ কথাও দোহাৰে অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছকো তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। ৰাহুল গান্ধী কংগ্ৰেছৰ নেতৃত্বলৈ অহাৰ পৰাই কংগ্ৰেছৰ মানসিকতা ঠেক হৈ পৰিছে বুলি কটাক্ষ অমিত শ্বাহৰ। ST, SC আৰু OBCৰ সংৰক্ষণক বিজেপিয়ে সমৰ্থন কৰে আৰু কংগ্ৰেছে এই সন্দৰ্ভত অপপ্ৰচাৰত নমা বুলিও সমালোচনা অমিত শ্বাহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...