টঙৰা সত্ৰৰ প্ৰাংগনত ৰাজধানী মণ্ডল বিজেপিৰ ‘বলিদান দিৱস’ অনুষ্ঠান

গুৱাহাটী, ২৩ জুন, NKTV: ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি পুণ্য তিথি। BJPয়ে আজিৰ এই বিশেষক দিনটোক “বলিদান দিৱস” হিচাপে পালন কৰি আহিছে। টঙৰা সত্ৰৰ প্ৰাংগনত ৰাজধানী মণ্ডল বিজেপিয়ে আয়োজন কৰিলে বলিদান দিৱস অনুষ্ঠান। পৱিত্ৰ টঙৰা সত্ৰৰ প্ৰাংগনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বলিদান দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টঙৰা সত্ৰৰ প্ৰাংগনত উপস্থিত হৈ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী সম্পৰ্কে তেওঁৰ ভাষণ দাঙি ধৰে। ড০ মুখাৰ্জীয়ে ভাৰতৰ হৈ আগবঢ়োৱা তেওঁৰ বিভিন্ন মহাঅৱদানসমূহৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে ড০ শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, বীৰ নেতা ড০ শ্যামা প্ৰসাদে ভাৰতৰ হৈ বিভিন্ন বলিদান আগবঢ়াই থৈ গৈছে। জম্মু কাশ্মীৰত ৩৭০ ধাৰা বিলুপ্তিৰ ক্ষেত্ৰত বিশেষ অৱদান আছিল ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ। সেইসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। ৩৭০ ধাৰাৰ বিৰোধিতা কৰিবলৈ গৈ জৱাহৰলাল নেহৰু চৰকাৰৰ দিনত তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। অৱশেষত কাৰাগাৰৰ ভিতৰতে মৃত্যু সাৱতিব লগীয়া হৈছিল বীৰ নেতা জনে। ১০৫৮ কাৰাগাৰতে তেওঁৰ মৃত্যু ঘটিছিল। এসময়ৰ জনসংঘৰ প্ৰতিস্থাপন সভাপতি আছিল ড০ মুখাৰ্জী। এক বিশাল ব্যক্তিত্বৰ অধিকাৰী ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মাত্ৰ ৩৩ বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’বলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অসমৰ লগত ড০ মুখাৰ্জীৰ এক আদৰ্শৰ সম্পৰ্ক আছিল। ভাৰতৰ প্ৰথমজন উদ্যোগ মন্ত্ৰী আছিল ড০ শ্যামা প্ৰসাদ মুখাৰ্জী। তেওঁ নেপাল আৰু কম্বোডিয়া আদি দেশৰ লগতো ভাৰতৰ সম্পৰ্ক গাঢ় কৰি তুলিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...