কিমিন সীমা সমস্যাকলৈ পেমা খাণ্ডু- হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

গুৱাহাটী, ২২ জুন, NKTV: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমিন সীমান্ত সমস্যা সমাধানৰ বাবে বৈঠকত মিলিত হ’ব। প্ৰতিবেদন অনুসৰি, অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আদালতৰ বাহিৰত কিমিন সীমান্ত সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ প্ৰস্তাৱ দিছে।

ইফালে, অৰুণাচল আৰু অসমৰ মাজৰ সীমা বিবাদ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন। অৰুণাচলৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে সংবাদমেলত কয়, “মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম-অৰুণাচল সীমা সমস্যা আদালতৰ বাহিৰত সমাধান কৰাৰ প্ৰস্তাৱ দিছো।”

“অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱটোত সন্মত হৈছে, আৰু তেওঁ আশ্বাস দিছিল যে সীমা সমস্যা সমাধানৰ বাবে বৈঠক অনুষ্ঠিত কৰাৰ আগতে তেওঁ ইয়াক ভালদৰে অধ্যয়ন কৰিব,” মুখ্যমন্ত্ৰী খাণ্ডুৱে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...