৬০০ বাৰ আমেৰিকাই হত্যাৰ চেষ্টা চলায়ো ব্যৰ্থ হোৱা এজন নেতা

ফিদেল কাষ্ট্ৰ নামেই যাৰ পৰিচয়। প্ৰতিকূলতাক নেওচি কিউবাক নেতৃত্ব দিয়া এজন মহানায়ক। ফিদেল কাষ্ট্ৰই গৰিলা সৈন্যৰ সৈতে একনায়ক বাপ্টিষ্টাক ক্ষমতাৰ পৰা উৎখাত কৰিছিল। ১৯৫৯ চনৰ এই যুগান্তকাৰী ঘটনাৰ লগে লগে কিউবাৰ ৰাজনৈতিক ইতিহাসত এক নতুন যুগৰ সূচনা হয়।


ফিদেল কাষ্ট্ৰৰ জন্ম ১৯২৬ চনৰ ১৩ আগষ্টত হৈছিল। ফিদেল পিতৃ-মাতৃৰ ৯গৰাকী সন্তান আছিল। ফিদেল কাষ্ট্ৰই ১৯৫৩ চনৰ ২৬ জুলাইত ভাতৃ ৰাউল কাষ্ট্ৰকে ধৰি মুষ্টিমেয় লোকৰ সহায়ত আৰু কিউবাৰ একনায়ক বাপ্টিষ্টাৰ সন্ত্ৰাস আৰু অত্যাচাৰৰ সমাপ্তিৰ বাবে মুষ্টিমেয় অস্ত্ৰ-শস্ত্ৰৰ সহায়ত বিদ্ৰোহ কৰিছিল। ফিদেল কাষ্ট্ৰই মুষ্টিমেয় কেইজনমান সৈনিকৰ সৈতে ১৯৫৯ চনৰ ১ জানুৱাৰীত একনায়ক বাপ্তিষ্টাৰ ক্ষমতা বিলুপ্ত কৰে। ইয়াৰ পিছত কিউবাত আৰম্ভ হয় ফিদেলৰ যুগ। তেওঁ ১৯৫৯ চনৰ পৰা ২০০৮ চনলৈ কিউবাক নেতৃত্ব দিছিল।


ফিদেল কাষ্ট্ৰ ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈ কিউবাৰ প্ৰধানমন্ত্ৰী আৰু ১৯৭৬ চনৰ পৰা ২০০৮ চনলৈ ৰাষ্ট্ৰপতি আছিল। কেৱল সেয়াই নহয় ১৯৬১ চনৰ পৰা ২০১১ চনলৈ কিউবাৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰথম সচিব আছিল। ফিদেলৰ উপৰিও ভাতৃ ৰাউল কাষ্ট্ৰও ১২ বছৰ কিউবাৰ ৰাষ্ট্ৰপতি আছিল।


১৯৫৩ চনৰ পৰা ১৯৫৯ চনলৈ বাপ্টিষ্টাৰ বিৰুদ্ধে যুঁজৰ সময়ত ফিদেলক আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট সমৰ্থন কৰিছিল। তেওঁৰ সাক্ষাৎকাৰ আমেৰিকাৰ বাতৰি কাকতত প্ৰকাশ পাইছিল। কিন্তু ফিদেল শাসনলৈ অহাৰ লগে লগে ক্ৰমান্বয়ে ছোভিয়েট ইউনিয়নৰ ওচৰ চাপি আহিছিল আৰু ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছিল।


ফিদেল কাষ্ট্ৰক আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে গণ্য কৰিছিল। দুয়োজনৰ মাজৰ সম্পৰ্ক ইমানেই বেয়া আছিল যে কোনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৫৫ বছৰ ধৰি কিউবালৈ যোৱা নাছিল। ২০১৫ চনত বাৰাক অবামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কিউবাত খোজ থৈ এই অধ্যায়ৰ সমাপ্তি ঘটাইছিল। কিন্তু তেতিয়ালৈ ভাতৃ ৰাউলে ফিদেলৰ ঠাইত কিউবাৰ দায়িত্ব গ্ৰহণ কৰিছিল।


আমেৰিকা যুক্তৰাষ্ট্ৰ ফিদেল কাষ্ট্ৰৰ ওপৰত ইমানেই বিৰক্ত হৈছিল যে ফিদেল কাষ্ট্ৰক হত্যা কৰিবলৈ ৬০ বছৰত ৬০০ বাৰতকৈও অধিক বাৰ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই ফিদেলক হত্যা কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছিল। বিষাক্ত চিগাৰৰ পৰা বিষাক্ত কলমলৈকে আমেৰিকাই বিভিন্ন কৌশল অৱলম্বন কৰিছিল যদিও এই সকলোবোৰ প্ৰচেষ্টা বিফল হৈছিল।


এবাৰ এগৰাকী প্ৰাক্তন প্ৰেমিকাই ফিদেল কাষ্ট্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰত সহযোগ কৰিবলৈ সাজু হৈছিল। কাষ্ট্ৰক হত্যা কৰিবলৈ বিষাক্ত কোল্ড ক্ৰীমৰ এটা জাৰ দিবলৈ কোৱা হৈছিল। কিন্তু কাষ্ট্ৰই ইতিমধ্যে ইয়াক গম পাইছিল আৰু পৰিকল্পনা বিফল হৈছিল।


২০১৬ চনৰ ২৫ নৱেম্বৰত কিউবাৰ হাভানাত ৯০ বছৰ বয়সত ফিদেল কাষ্ট্ৰৰ দেহাৱসান ঘটে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...