শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ

শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

বাহিনী নদীৰ পানী শিলসাঁকো বিললৈ বোৱাই অনা প্ৰক্ৰিয়াৰ আৰ্হি প্ৰত্যক্ষ কৰাৰ লগতে বোন্দাজান পাম্পিং হাউচো পৰিদৰ্শন কৰিলে মন্ত্ৰী সিংহলে

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শিলসাঁকো বিলৰ চৌহদত বিলৰ পানীৰ বিশুদ্ধকৰণ বা জৈৱ পৰিশোধন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বাহিনী নদীৰ পানী শিলসাঁকো বিললৈ বোৱাই অনা প্ৰক্ৰিয়াৰ আৰ্হিও প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে জলাশয়, আৰ্দ্ৰভূমি আদি ভৱিষ্যত প্ৰজন্মৰ সম্পদ, আমি মাথোঁ ইয়াৰ ৰখীয়াহে। প্ৰকৃতিৰ এই অনুপম সম্পদসমূহ উপযুক্ত ৰূপত সংৰক্ষণ নকৰিলে প্ৰকৃতিয়ে ভাৰসমতা হেৰুৱাব আৰু ভৱিষ্যত প্ৰজন্মই তাৰ বিৰূপ ফল ভোগ কৰিব লাগিব। নিজৰ শৈশৱৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা ৫০ বছৰ পূৰ্বে মহানগৰীৰ ভৰলু নৈত মানুহে সাঁতুৰি-নাডুৰি গা ধুব পাৰিছিল। কিন্তু অবাধ বেদখল, প্ৰদূষণ আদি আমাৰ কৃতকৰ্মৰ ফলত আজি ভৰলু নদী গুছি এক নলালৈ পৰিৱৰ্তিত হৈছে। প্ৰকৃতি ধ্বংসৰ বিৰূপ প্ৰভাৱৰ ফলতেই গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যখনতো বছৰি অসহনীয় গৰমে ৰাইজক জ্বলা-কলা খুৱাইছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গ্ৰহণ কৰা শিলসাঁকো বিলৰ বায়’ৰিমিডিয়েচন প্ৰক্ৰিয়াৰ লগতে বিলৰ খনন, গেদমুক্তকৰণ, পৰিষ্কৰণ আৰু বিভিন্ন বৈজ্ঞানিক প্ৰতিকাৰমূলক ব্যৱস্থাৰ জৰিয়তে ইয়াৰ পানী ধৰি ৰখা ক্ষমতা তথা পানীৰ গুণাগুণ বৃদ্ধি কৰিব।

আনহাতে আজিৰ অনুষ্ঠান চলি থকাৰ সময়তে বিলৰ ভূমি বেদখল উচ্ছেদৰ সময়ত উচ্ছেদিত হোৱা বুলি দাবী কৰা কেইগৰাকীমান মহিলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল যদিও অনুষ্ঠানৰ সমাপ্তিৰ পিছত মন্ত্ৰী সিংহলে প্ৰতিবাদকাৰী মহিলাকেইগৰাকীৰ সন্মুখীন হৈ তেওঁলোকৰ লগত বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত বিশদ আলোচনাৰ বাবে দহজনীয়া এক প্ৰতিনিধি দলক অহা ১৫ মে তাৰিখে নিজৰ চৰকাৰী আৱাসলৈ আমন্ত্ৰণ জনায়।

ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে বোন্দাত উপস্থিত হৈ বোন্দাজান পাম্পিং হাউচো পৰিদৰ্শন কৰে। শিলসাঁকো বিলৰ পৰা বৈ অহা এই জানৰ জৰিয়তে বিলখনৰ অতিৰিক্ত পানী বাৰিষা ব্ৰহ্মপুত্ৰলৈ বৈ যায়। কৃত্ৰিম বানৰ সময়ত এই পানীৰ খৰতকীয়া নিষ্কাষণৰ বাবে বোন্দাজান পাম্পিং হাউচত অতিৰিক্ত কেইটামান পাম্পৰ সংযোজনেৰে পাম্প হাউচটোৰ শক্তিশালীকৰণ কৰা হৈছে। এই পদক্ষেপৰ ফলত এতিয়া এই পাম্প হাউচৰ পৰিয়তে প্ৰতি ছেকেণ্ডত ৩৫০০ লিটাৰ পানী ব্ৰহ্মপুত্ৰলৈ বোৱাই নিব পৰা যাব বুলি প্ৰকল্পৰ দায়িত্বত থকা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

আজিৰ কাৰ্যসূচীত জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া কৌশৰ হিলালী, পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...