নৃত্যৰে বিশ্ব জিনি মাতৃভূমিত বিনীতা চেত্ৰী

কাঁইটীয়া বাটৰ সকলো প্ৰত্যাহ্বান নেওচি ব্ৰিটেইনছ গট টেলেণ্টৰ দ্বিতীয় ৰানাৰ্ছ আপ অৰ্জন কৰা বিনীতাই মঙলবাৰে পুৱাই ঐতিহাসিক দেওপানীৰ মা দুৰ্গা মন্দিৰত আগবঢ়ালে সেৱা। কনমানি বিনীতাৰ সৈতে সেৱা আগবঢ়ালে উত্তৰাখণ্ডৰ প্ৰশিক্ষক হাৰ্ডিক ৰাৱাতেও। বিশ্বৰ অজস্ৰ প্ৰতিভাক অতিক্ৰমী নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা ৯বছৰীয়া বিনীতা এতিয়া সকলোৰে নয়নমণি। সুদীৰ্ঘ তিনি বছৰৰ পাছত আপোন ঘৰখনত উপস্থিত হৈ আনন্দিত কনমানি বিনীতা ।

উত্তৰাখণ্ডৰ বাসিন্দা যদিও অসমখনক নিজৰ ঘৰৰ দৰেই অনুভৱ কৰে বিনীতাৰ প্ৰশিক্ষক হাৰ্ডিক ৰাৱাতে। অসমৰ প্ৰশংসাত পঞ্চমুখ হাৰ্ডিক ৰাৱাত।

বিশ্বৰ প্ৰতিভাৰ এই মঞ্চখনলৈ বিনীতাৰ এই যাত্ৰা আছিল জটিল। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ অমৰাজানৰ পৰাই বিনীতাই জিনিলে বিশ্ব। প্ৰবল আত্মবিশ্বাস , অদম্য সাহস আৰু দৃঢ়তাৰ বাবেই বহু ভাৰতীয়ই সাহস নকৰা প্ৰতিভাৰ মঞ্চখনত খোজ দিবলৈ সক্ষম হল ৯ বছৰীয়া বিনীতা। বিশ্ববিখ্যাত ৰিয়েলিটী শ্ব’ BRITAIN’S GOT TALENTৰ দ্বিতীয় ৰানাৰ্ছ আপ দখল কৰি অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে ইতিহাস সৃষ্টি কৰিলে ৯ বছৰীয়া বিনীতাই। বোকাজানৰ ব্যৱসায়ী পিতৃ অমৰ চেত্ৰী আৰু মাতৃ নিতু তিৱাৰী চেত্ৰীৰ একমাত্ৰ কন্যা সন্তান বিনীতাক লৈ এতিয়া গৌৰৱান্বিত প্ৰতিজন অসমীয়া। বিশ্বৰ বুকুত নিজৰ নাম উজলাই আহি ঘৰুৱা মাটিত পোৱা সাদৰ অভ্যর্থনাৰ পাছত, বিনীতাই মঙলবাৰে পুৱাই দেওপানীৰ দুৰ্গা মন্দিৰত উপস্থিত হৈ, মা দুৰ্গাৰ চৰণত আগবঢ়ালে সেৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...