ৰাজ্যৰ বিভিন্ন স্থানত অপৰিৱৰ্তিত বান পৰিস্থিতি

ৰাজ্যৰ বিভিন্ন স্থানত কোনো পৰিৱৰ্তন ঘটা নাই বান পৰিস্থিতিৰ। পানীৰ মাজত জীৱন ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈ আছে দুৰ্গত ৰাইজ। দ্বিতীয় দিনাওঁ অপৰিৱৰ্তিত হৈ আছে যমুনামুখ আৰু ডবকাৰ বান পৰিস্থিতি। কলৰ ভূৰ অথবা নাৱেৰে নিৰাপদ স্থানলৈ যোৱাৰ চেষ্টা চলাইছে একাংশ লোকে। বুৰি আছে ঘৰ-দুৱাৰ ৰাজপথেৰে কলকলাই বৈ আছে পানী, তাৰ মাজতে গৰু-গাইকেইটা সুৰক্ষিত কৰাৰ চেষ্টা চলাইছে একাংশই। ডবকা-যমুনামুখৰ একাংশ বানপীড়িতক সোমবাৰে উদ্ধাৰকাৰী দলে ঘৰৰ পৰা উলিয়াই আনে যদিও আজিও বহু লোকে নিজাববীয়া চেষ্টাৰে সুৰক্ষিত স্থানৰ সন্ধান কৰিবলগীয়া হৈছে। ইপিনে ব্যৱহাৰযোগ্য পানী আৰু খাদ্যৰ সমস্যাত ভুগিছে বানপীড়িত।

হোজাইত কপিলীয়ে লৈছে সংহাৰী ৰূপ। উমৰাংছ’ৰ খাংডং প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছত ভয়াৱহৰূপ লৈছে কপিলীয়ে। নিৰাপদ আশ্ৰয়ৰ সন্ধানত ঘৰ-দুৱাৰ এৰি ওলাই আহিছে ৰাইজ। হোজাইৰ ৱেৰগেডিঙত পানীৰ মাজতে এজন লোকৰ মৃত্যু হয়। হোজাইৰ কুমৰাকতা, হায়ং, পূব নভঙা, ৱেৰগেডিং, শলমাৰীকে ধৰি বিভিন্ন অঞ্চলত বানত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে। বিলাই বিপত্তি নোহোৱা হৈছে পশুকূলৰো। ইপিনে বহুলোকে লাভ কৰা নাই চৰকাৰী সাহায্য।

কামপুৰতো অপৰিৱৰ্তিত বান পৰিস্থিতি। একঁকাল-এবুকু পৰ্যন্ত পানীত হাহাকাৰ কৰিছে বানপীড়িতই। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বহু অঞ্চল। ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট একাকাৰ হৈ পৰিছে। পানী যোগান আঁচনিয়ো বানৰ কৱলত পৰাত মাজৰআচি অঞ্চলত খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িতই।

আংশিকভাৱে বনৰ কবলত পৰিছে কাজিৰঙাও। ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজনৰ বিস্তীৰ্ণ এলেকা ব্ৰহ্মপুত্ৰ আৰু ঘিলাধাৰী নৈৰ পানীত বুৰ গৈছে।

উদ্যানখনৰ বুঢ়াপাহাৰ, অগৰাতলী, বাগৰী বনাঞ্চলো বানৰ কবলত পৰিছে। পানীত ডুবি মৃত্যু হৈছে দুটা পহুৰ। উদ্যান কৰ্তৃপক্ষই বন্য জীৱকূলৰ সুৰক্ষাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...