যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন দিল্লী পাবহি শুকুৰবাৰে

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন দিল্লী পাবহি শুকুৰবাৰে
ৰাষ্ট্ৰপতি আহি পোৱাৰ পূৰ্বেই দিল্লী পালেহি ‘দানৱ’
যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সদা সহচৰ The Beast
ৰাষ্ট্ৰপতিক অহৰহ সুৰক্ষা বেষ্টনীৰে আৱৰি ৰখা এই গাড়ীখন বিশ্বৰ আটাইতকৈ নিৰাপদ গাড়ী

বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰপতি বুলি গণ্য কৰা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক। যুক্তৰাষ্ট্ৰৰ সৰ্বশক্তিমান ৰাষ্ট্ৰপতিক সেয়ে আবৰি ৰখা হয় এক বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে। ইউনাইটেড ষ্টেট্ছ ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াৰ দলে ঘেৰি ৰাখে ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতিৰ সুৰক্ষা কৱচ হিচাপে চিহ্নিত হৈছে তেওঁ ভ্ৰমণ কৰা বিশেষভাৱে নিৰ্মিত লিম’জিন বাহন The Beast বা দানৱক।

ইউনাইটেড ষ্টেট্ছ ছিক্ৰেট ছাৰ্ভিচৰ লগত আছে ৩খন ‘দানৱ’
একোখন ‘দানৱ’ লিম’জিন গাড়ীৰ মূল্য প্ৰায় ১.৫ নিযুত ডলাৰ
ভাৰতীয় মূল্যৰ হিচাপত প্ৰায় ১২.৫০ কোটি টকা
গাড়ীখনত সংলগ্ন আছে প্ৰতিকুল পৰিস্থিতিত যুঁজিবলৈ ভালেসংখ্যক সা-সৰঞ্জাম
বোমা বিস্ফোৰণেও ক্ষতি কৰিব নোৱৰাকৈ শক্তিশালী এই ‘দানৱ’

বিশেষভাৱে নিৰ্মিত এই লিম’জিনে যাত্ৰাৰ ১৫ ছেকেণ্ডৰ ভিতৰত গতি ল’ব পাৰে প্ৰতিঘণ্টাত ৯০ কিলোমিটাৰতকৈও অধিক বেগ। ৰাষ্ট্ৰপতিৰ কনভয়ত সদায় থাকে একেধৰণৰ ১৮ ফুট দীঘল দুখন ‘দানৱ’। সম্ভাৱ্য আক্ৰমণকাৰীক বিভ্ৰান্ত কৰাৰ অৰ্থে এনেদৰে একেধৰণৰ দুখন গাড়ী ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰপতিৰ কনভয়। এই গাড়ীখন নিৰ্মাণৰ বাবে জেনেৰেল মটৰ্ছে গৱেষণাত ব্যয় কৰিবলগীয়া হৈছিল প্ৰায় ১৫ নিযুত ডলাৰ, অৰ্থাৎ ১২০ কোটি টকাৰো অধিক।

‘দানৱ’ত আছে জৰুৰীকালীন পৰিস্থিতিত লাগিব পৰাকৈ ৰাষ্ট্ৰপতিৰ ব্লাড গ্ৰুপৰ ৰক্তৰ ভঁৰাল
গাড়ীখনত আছে ৰাষ্ট্ৰপতিৰ চিকিৎসকসহ ৭জন সহায়কাৰী যাব পৰা ব্যৱস্থা
লিম’জিনখনত সংলগ্ন আছে অক্সিজেনৰ ভঁৰালো
বাহিৰৰ কোনো শব্দই আমনি কৰিব নোৱাৰে গাড়ী আৰোহী ৰাষ্ট্ৰপতিক
‘দানৱ’ত আছে আৱশ্যক হ’লে ৰাষ্ট্ৰপতিয়ে পাৰমাণৱিক অস্ত্ৰ চুইছ টিপা ব্যৱস্থা

সাধাৰণতে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কনভয়ত ৫০খন গাড়ী থাকে আৰু তাত থাকে ১০০জন সহায়কাৰী। এই বিশেষ নিৰাপত্তা বেষ্টনী সংলগ্ন গাড়ীখন বিশ্বৰ আটাইতকৈ নিৰাপদ গাড়ী হিচাপে চিহ্নিত হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...