সাৱধান! ম্যানমাৰৰ পৰা NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰ প্ৰৱেশ কৰিছে অৰুণাচলত

উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহত অব্যাহত আছে সদস্য ভৰ্তি অভিযান। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰে প্ৰৱেশ কৰিছে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত। নতুন সদস্যক সংগঠনটোত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰে ম্যানমাৰৰ টাগাৰ পৰা আহি উপস্থিত হৈছিল অৰুণাচলৰ চাংলাঙৰ জয়ৰামপুৰত।

মুখ্য প্ৰশিক্ষণ কেন্দ্ৰৰ শীৰ্ষ পৰ্য্যায়ৰ NSCN(KYA) নেতা ৰ’জেন চাকমাৰ নিৰ্দেশ মৰ্মে জয়ৰামপুৰত উপস্থিত হৈছিল চাৰ্জেন্ট মেজৰ ৰাবে গালন নামৰ উগ্ৰপন্থীজন। গালনে মেও দিৱানৰ নন্দন কাণন নামৰ গাঁৱৰ পৰা ডেনিয়ল চাকমা নামৰ এজন ২৪ বছৰীয়া যুৱকক ম্যানমাৰ পথেৰে লৈ যোৱা অৱস্থাত ১৯ নং আসাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ জয়ৰামপুৰ থানাৰ যুটীয়া অভিযানত আটক হয়। অন্যহাতে, এই দুই সদস্যক সহায় কৰা ৩জনকৈ অন্য যুৱককো কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। নয়ন কুমাৰ চাকমা, টাজ কুমাৰ চাকমা আৰু শান্তিমুনি চাকমাক আটক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...