সাৱধান! ম্যানমাৰৰ পৰা NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰ প্ৰৱেশ কৰিছে অৰুণাচলত

উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহত অব্যাহত আছে সদস্য ভৰ্তি অভিযান। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰে প্ৰৱেশ কৰিছে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত। নতুন সদস্যক সংগঠনটোত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰে ম্যানমাৰৰ টাগাৰ পৰা আহি উপস্থিত হৈছিল অৰুণাচলৰ চাংলাঙৰ জয়ৰামপুৰত।

মুখ্য প্ৰশিক্ষণ কেন্দ্ৰৰ শীৰ্ষ পৰ্য্যায়ৰ NSCN(KYA) নেতা ৰ’জেন চাকমাৰ নিৰ্দেশ মৰ্মে জয়ৰামপুৰত উপস্থিত হৈছিল চাৰ্জেন্ট মেজৰ ৰাবে গালন নামৰ উগ্ৰপন্থীজন। গালনে মেও দিৱানৰ নন্দন কাণন নামৰ গাঁৱৰ পৰা ডেনিয়ল চাকমা নামৰ এজন ২৪ বছৰীয়া যুৱকক ম্যানমাৰ পথেৰে লৈ যোৱা অৱস্থাত ১৯ নং আসাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ জয়ৰামপুৰ থানাৰ যুটীয়া অভিযানত আটক হয়। অন্যহাতে, এই দুই সদস্যক সহায় কৰা ৩জনকৈ অন্য যুৱককো কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। নয়ন কুমাৰ চাকমা, টাজ কুমাৰ চাকমা আৰু শান্তিমুনি চাকমাক আটক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...