এইবাৰ মাজুলীত জব্দ হ’ল বৃহৎ পৰিমাণৰ মদ

মাজুলীৰ লুইত খাবলুত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে সুৰা সৰবৰাহ কৰা এখন স্কুটি জব্দ। মাজুলীৰ গড়মূৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলৰ অভিযান। গোপন সূত্ৰৰ পম খেদি লুইত খাবলু পঞ্চায়তৰ শান্তিপুৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা আৰু সুৰা সৰবৰাহ কৰা AS- 03Z-1016 নম্বৰৰ এখন স্কুটী বাহন জব্দ কৰে। পূৰ্বে লখিমপুৰ জিলাত সংলগ্ন লুইত খাবলু পঞ্চায়তৰ বিভিন্ন স্থানত অবাধে সুৰাৰ প্ৰচলনে পৰিৱেশ বিনষ্ট কৰাৰ বিৰুদ্ধে সৰৱ মাজুলীৰ আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই আহিছে। এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে প্ৰায় ৭০০ বটল অবৈধ সুৰা জব্দ কৰাৰ লগতে নিশাও বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...

বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ...