অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কি মাস্ক ব্যৱহাৰ কৰিব?

ডেল্টাৰ পাছত, এইবাৰ ভয়ংকৰ ৰূপ লৈছে অ’মিক্ৰনে। বিশ্বজুৰি ক্ৰমান্বয়ে উৰ্ধমুখী হৈছে অ’মিক্ৰন গ্ৰাফ। ইয়াকে লৈ চিন্তিত হৈ পৰিছে চিকিৎসকসকল। বিশেষকৈ, কেনে ধৰণৰ মাস্ক পৰিধান কৰিলে ক’ভিডৰ পৰা ৰক্ষা পৰিব তাক লৈ চলিছে গৱেষণা।

কিন্তু চিকিৎসকসকলৰ মতে, এই সময়ত আপুনি অধিক সজাগ হ’ব লাগিব। সঠিক মাস্ক বাছনি কৰাটো এই ক্ষেত্ৰত প্ৰাথমিক চৰ্ত। কৰ’নাৰ আৰম্ভণিতে, চিকিৎসকসকলে জনাইছিল যে কৰ’নাৰ বাবে N95 মাস্ক আটাইতকৈ কাৰ্যকৰী। কিন্তু সেই সময়ত অত্যাধিক চাহিদাৰ বাবে ই বজাৰত সহজে উপলব্ধ নাছিল।

ইয়াৰ পৰিৱৰ্তে, ক্লিনিকেল মাস্ক বা ছার্জিকেল মাস্কে ভাল কাম কৰে। কিন্তু হঠাতে পাতল কাপোৰৰ মাস্কো বজাৰত বিয়পি পৰিল। চিকিৎসকৰ মতে, পাতল কাপোৰৰ মাস্ক একেবাৰে কাৰ্যকৰী নহয়। এই মাস্কে কেৱল ফেশ্বনক প্ৰভাৱিত কৰিব পাৰে। অ’মিক্ৰনক বাধা দিবলৈ এই মাস্ক একেবাৰে ফলদায়ক নহয়।

চিকিৎসকসকলে জনায় যে, পাতল কাপোৰৰ মাস্কে ডাঙৰ আকাৰৰ টোপাল প্ৰতিৰোধ কৰিব পাৰিলেও, ই সৰু আকাৰৰ টোপাল প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়। এই ক্ষেত্ৰত KN95 বা N95 মাস্ক আটাইতকৈ কাৰ্যকৰী। অৱশ্যে, এই মাস্ক ক্ৰয় কৰোঁতে, সঠিক আকাৰৰ ক্ৰয় কৰিব লাগে। যাতে মুখ আৰু নাক সঠিকভাৱে ঢাকি ৰাখিব পৰা যায়।

আমেৰিকান কনফাৰেন্স অৱ গভৰ্মেন্টেল ইণ্ডাষ্ট্ৰিয়েল হাইজিনিষ্টসকলে জনাইছে যে, কাপোৰৰ মাস্কবোৰে মাত্ৰ ৭৫ শতাংশ সুৰক্ষা প্ৰদান কৰিব পাৰে। আনহাতে N95য়ে ৯৫ শতাংশ সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। চিকিৎসকসকলে অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই মাস্ক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। লগতে নিয়মিত ছেনিটাইজাৰ ব্যৱহাৰৰ কথাও জনাইছে চিকিৎসক সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...