অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কি মাস্ক ব্যৱহাৰ কৰিব?

ডেল্টাৰ পাছত, এইবাৰ ভয়ংকৰ ৰূপ লৈছে অ’মিক্ৰনে। বিশ্বজুৰি ক্ৰমান্বয়ে উৰ্ধমুখী হৈছে অ’মিক্ৰন গ্ৰাফ। ইয়াকে লৈ চিন্তিত হৈ পৰিছে চিকিৎসকসকল। বিশেষকৈ, কেনে ধৰণৰ মাস্ক পৰিধান কৰিলে ক’ভিডৰ পৰা ৰক্ষা পৰিব তাক লৈ চলিছে গৱেষণা।

কিন্তু চিকিৎসকসকলৰ মতে, এই সময়ত আপুনি অধিক সজাগ হ’ব লাগিব। সঠিক মাস্ক বাছনি কৰাটো এই ক্ষেত্ৰত প্ৰাথমিক চৰ্ত। কৰ’নাৰ আৰম্ভণিতে, চিকিৎসকসকলে জনাইছিল যে কৰ’নাৰ বাবে N95 মাস্ক আটাইতকৈ কাৰ্যকৰী। কিন্তু সেই সময়ত অত্যাধিক চাহিদাৰ বাবে ই বজাৰত সহজে উপলব্ধ নাছিল।

ইয়াৰ পৰিৱৰ্তে, ক্লিনিকেল মাস্ক বা ছার্জিকেল মাস্কে ভাল কাম কৰে। কিন্তু হঠাতে পাতল কাপোৰৰ মাস্কো বজাৰত বিয়পি পৰিল। চিকিৎসকৰ মতে, পাতল কাপোৰৰ মাস্ক একেবাৰে কাৰ্যকৰী নহয়। এই মাস্কে কেৱল ফেশ্বনক প্ৰভাৱিত কৰিব পাৰে। অ’মিক্ৰনক বাধা দিবলৈ এই মাস্ক একেবাৰে ফলদায়ক নহয়।

চিকিৎসকসকলে জনায় যে, পাতল কাপোৰৰ মাস্কে ডাঙৰ আকাৰৰ টোপাল প্ৰতিৰোধ কৰিব পাৰিলেও, ই সৰু আকাৰৰ টোপাল প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়। এই ক্ষেত্ৰত KN95 বা N95 মাস্ক আটাইতকৈ কাৰ্যকৰী। অৱশ্যে, এই মাস্ক ক্ৰয় কৰোঁতে, সঠিক আকাৰৰ ক্ৰয় কৰিব লাগে। যাতে মুখ আৰু নাক সঠিকভাৱে ঢাকি ৰাখিব পৰা যায়।

আমেৰিকান কনফাৰেন্স অৱ গভৰ্মেন্টেল ইণ্ডাষ্ট্ৰিয়েল হাইজিনিষ্টসকলে জনাইছে যে, কাপোৰৰ মাস্কবোৰে মাত্ৰ ৭৫ শতাংশ সুৰক্ষা প্ৰদান কৰিব পাৰে। আনহাতে N95য়ে ৯৫ শতাংশ সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। চিকিৎসকসকলে অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই মাস্ক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। লগতে নিয়মিত ছেনিটাইজাৰ ব্যৱহাৰৰ কথাও জনাইছে চিকিৎসক সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...