পেট বিষ উঠাৰ কাৰণ আৰু ইয়াৰ নিৰাময় সমূহ আপুনি জানেনে?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট’নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction), পেটৰ অংগসমুহত আঘাত,প্ৰকট অগ্ন্যাশয় গ্ৰন্থিৰ প্ৰদাহ, জৰায়ু বহিৰ্ভুত গৰ্ভধাৰণত জৰায়ুনলী ফাটি যোৱা, ডিম্বাশয়ৰ কৌশিকা আদি ৰোগজনিত কাৰণত হঠাতে পেটৰ বিষ হ’ব পাৰে। হঠাতে উঠা পেট বিষে ক্ৰমান্বয়ে বাঢ়ি যাব পাৰে।

পেট বিষৰ বিশেষ লক্ষণ সমূহ আপুনি নিজে পৰীক্ষা কৰিব পাৰে। হাতেৰে ৰোগীৰ পেটত অতি ধীৰে ধীৰে চাপ সৃষ্টি কৰিব লাগে অৰ্থাত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু ততক্ষণাত হাতখন উথাই আনিব লাগে। ৰোগীৰ পেটৰপৰা হাত আঁতৰাই অনাৰ মুহূৰ্ততে যদি পেটত প্ৰকট বিষ অনুভৱ হয় তেন্তে লক্ষণটোক ইতিবাচক বুলি ধৰিব লাগে।
পেটৰ গহ্বৰত ৰক্তপাত হলে ভীষণ ৰক্তাল্পতাৰ লগতে, শেঁতা পৰা, দুৰ্বলতা, মূৰ ঘুৰোৱা, ঠাণ্ডা ঘাম ওলোৱা, নাড়ী দুৰ্বল আৰু দ্ৰুত হোৱা, ৰক্তচাপ কমি যোৱা, তেজৰ হিম’গ্ল’বিন কমি যোৱা, পেটৰ মাংসপেশীবোৰ টান হোৱা, পেট স্পৰ্শ কৰি হেঁচি দিলে বিষ হোৱা আদি লক্ষণবোৰ পৰিলক্ষিত হয়।
এনে ৰোগীক লগে লগে বিছ্নাত শুৱাই দি সম্পুৰ্ণ বিশ্ৰামত ৰাখিব লাগে ।ৰোগীৰ পেটৰ ওপৰত বৰফৰ বেগ বা ঠাণ্ডা পানীৰ পটি দিয়া অতিকৈ আৱশ্যক।

পেট বিষৰ পৰা লবলগীয়া সাবধানতা সমূহ হ’ল, ৰোগীক খাবলৈ দিয়া, জোলাপ আদি দিয়া একেবাৰে নিষেধ ।
বিষনাশক ঔষধ আৰু এণ্টিবায়’টিক বা প্ৰতিজৈবিক ঔষধ দিয়া অনুচিত ।কাৰণ, এনে কৰিলে ৰোগীৰ চিকিত্‌সাৰ বাবে উপযোগী ৰোগচিত্ৰ অস্পষ্ট হৈ পৰে আৰু সঠিকভাবে ৰোগ নিৰ্ণয়ত জটিলতা আহি পৰে ।

পেটৰ বিষৰ চিকিৎসা

  • কৰচ গছৰ ছালৰ ৰস উলিয়াই গৰম কৰি নিমখ মিহলাই খুৱাব লাগে ।
  • বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খুৱাব লাগে ।
  • পদিনা পাটৰ ৰস এচামুচ খুৱাব লাগে ।
  • নিমপাত আৰু তেজপাত একেলগে বটি ভাত খোৱাৰ আগতে খাব লাগে ।
  • আমলখিৰ ৰস মৌৰে মিহলাই খাব লাগে ।
  • পকা নেমু টেঙাৰ ৰস চেনি মিহলাই গধুলি খাব লাগে ।
  • কেঁচা হালধিৰ ৰস চূণৰ পানী মিহলাই খাব লাগে ।
  • ২-৩ চামুচ নহৰু ৰসৰ সৈতে মৌ মিহলাই দিনত ২ বাৰো কৈ এসপ্তাহ খাব লাগে ।
  • মৌৰ সৈতে মিহলাই শতমূলৰ ৰস পুৱা ভাগত খালেও উপকাৰ পোৱা যায় ।
  • নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুক বটা আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...