চকলেটেৰে ছবি আঁকি ‘ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট এজন ছাত্ৰৰ

নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াৰ ছাত্ৰ টিৰুত কুমাৰ বৰাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। জুলীয়া চকলেটে প্ৰতিকৃত অংকণ কৰি এই সফলতা অৰ্জন কৰে টিৰুত কুমাৰ বৰাই। ছাত্ৰজনৰ এই সফলতাই গৌৰাম্বিত কৰিছে সমগ্ৰ অঞ্চলবাসীক। সৰুৰে পৰা ছবি আঁকি ভালপোৱা টিৰুতে প্ৰথমতে পৰীক্ষামূলক ভাৱে জুলীয়া চকলেটেৰে সুভাষ চন্দ্ৰ বসুৰ এখন প্ৰতিকৃতি অংকণ কৰিছিল। পৰবৰ্তী সময়ত ড০ ভূপেন হাজৰিকা, ড০ বি আৰ আম্বেদকাৰ, ড০ এ পি জে আব্দুল কালাম আৰু সুভাষ চন্দ্ৰ বসু এই চাৰিজন মনিষীৰ ছবি অংকন কৰি ইণ্টাৰ নেচনেল বুক অফ ৰেকৰ্ডছ লৈ প্ৰেৰণ কৰে। টিৰুত কুমাৰ বৰাৰ এই ব্যতিক্ৰমী ছবিৰ বাবে তেঁওক ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম সন্নিবিষ্ট কৰি তেওঁলৈ মেডেল আৰু প্ৰমাণপত্ৰ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...