কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

0 101

মেষ : মেষ ৰাশিৰ আজি শৰীৰৰ বাবে শুভ কাৰক, সৰু-সুৰা অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি ধাউতি বাঢ়িব পাৰে ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্ম তৎপৰতা বৃদ্ধি হ’ব।

বৃষ : বৃষ ৰাশিৰ আজি দেহৰ অসুস্থতা আৰু মানসিক অশান্তি কাৰক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থী, শিল্পীৰ উৎসাহ বৃদ্ধি আৰু উন্নতিৰ ক্ষেত্ৰত দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুনকৈ কিছু অসুবিধাৰ সম্মুখীন হ’ব।

মিথুন : আজি শৰীৰ কিছু অসুস্থ হ’ব পাৰে। মনৰো চিন্তা আৰু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ। বিদ্যার্থীৰ মনৰ আনন্দ-উৎসাহত বাধা হ’ব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ কিছু উন্নতিৰ কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বাঢ়িব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য লাভৱান হ’ব।

কৰ্কট : কৰ্কট ৰাশিৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে মনৰো অশান্তি বৃদ্ধি পাব। প্ৰেম আৰু পাৰিবাৰিকত শনিৰ বাবে অশুভ। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। শিল্পী, সাহিত্যিকৰ উন্নতি কাৰক, সু-চিন্তাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব।

সিংহ : সিংহ ৰাশিৰ আজি শাৰীৰিক শুভ কাৰক যদিও উচ্চ ৰক্তচাপ থকাসকলৰ বাবে অশুভ। পৰিয়ালকেন্দ্ৰিক সংঘাতে মনৰ অশান্তি বৃদ্ধি কৰিব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। শিক্ষার্থীয়ে নিজৰ ভৱিষ্যতৰ ক্ষেত্ৰত কিছু চিন্তিত হ’ব পাৰে। শিল্পী, সাহিত্য, ক্রীড়া, সংবাদসেৱাতযুক্তসকলৰ কিছু শুভ কাৰক হ’ব। সমাজসেৱা আৰু ৰাজনীতিত জড়িতসকলৰ কৰ্মত অস্থিৰতা থাকিব। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব।

কন্যা : কন্যা ৰাশিৰ আজি স্বাস্থ্যৰ কিছু অশান্তি কাৰক হ’ব পাৰে। মনৰো সুখ-শান্তিত বিঘ্নিত হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত মধ্যমীয়া হ’ব। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু খেলিমেলি হ’ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সফলতা লাভৰ যোগ।

তুলা : আজি শৰীৰৰ শুভ কাৰক হ’ব। পৰিয়ালত কিছু অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতিতো কিছু অশান্তি হ’ব। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু আউল লাগিব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজসেৱীৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি কাৰক।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক দিশত শুভ কাৰক। মানসিক দিশত কিছু অশান্তি আহিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ কিছু উৎসাহ বৃদ্ধিৰ যোগ।

ধনু : ধনু ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক। মানসিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত একাগ্রতা বৃদ্ধি পাব যদিও চিন্তাও থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন কৰ্মত উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব।

মকৰ : মকৰ ৰাশিৰ আজি শৰীৰৰ সামান্য ৰোগ-ৰিষ্ট হ’ব পাৰে। মানসিক অস্থিৰতা থাকিব যদিও শুভ কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, ক্রীড়াবিদ আৰু শিল্পীৰ উন্নতিমূলক যোগ দেখা যায়। আর্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ।

কুম্ভ : আজি শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ কাৰক হ’ব। মনৰো আনন্দ-উৎসাহ বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ কৰ্মত উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত লাভদায়ক হ’ব।

মীন : আজিও শাৰীৰিক ক্ষেত্ৰত অশুভ হ’ব। মনৰো সুখ শান্তি বিঘ্নিত হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত সুখ – শান্তি কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মানসিক বোজা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। কর্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।

Leave A Reply

Your email address will not be published.