ৰাতি চুৱেটাৰ পিন্ধি শুৱে নেকি? এই অভ্যাসে পেলাব পাৰে মাৰাত্মক সমস্যাত

শীতৰ দিনত বহু লোকে নিশা চুৱেটাৰ পিন্ধি শুবলৈ পচন্দ কৰে। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ হওক অথবা অভ্যাসৰ বাবেই হওক চুৱেটাৰ পিন্ধি শুলে বিপদত পৰিব পাৰে আপুনি। একাধিক গুৰুতৰ সমস্যা হ’ব পাৰে, আহক জানো ইয়াৰ বিভিন্ন দিশ

চুৱেটাৰৰ সৈতে বিচনাত নিশা শুলে ছালৰ খহটা বৃদ্ধি হ’ব পাৰে। অধিক সময় চুৱেটাৰৰ প্ৰয়োগে কেতিয়াবা হিতে বিপৰীতহে হোৱা দেখা যায়।

খহটা ছালৰ ফলত খজুৱতিকে ধৰি একাধিক সমস্যা হ’ব পাৰে।

চুৱেটাৰৰ সৈতে শুলে ঘাম ওলোৱাৰ সম্ভাৱনা আছে। যি ৰক্তচাপ হ্ৰাস হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

চুৱেটাৰ পিন্ধি বিচনালৈ যোৱাৰ অভ্যাস থকাসকলে হৃদৰোগৰ বিষয়েও মনযোগ দিয়া উচিত

চুৱেটাৰ প্ৰয়োগ কৰিলে স্বাভাৱিক বায়ুপ্ৰবাহ শৰীৰলৈ যোৱাত বাধা দিয়ে, শৰীৰৰ উষ্ণতা বজাই ৰখাত সহায় কৰে, কিন্তু যদি এইটো টোপনিৰ সময়ত কৰা হয়, ফলাফলটো ওলোটা হ’বও পাৰে।

বহুলোকে উলৰ মোজা পিন্ধিও শুৱে। একেযোৰ মোজা পিন্ধি আন আন স্থানলৈও চলাচল কৰে। তেনে ক্ষেত্ৰত, ভৰিত বেক্টেৰিয়াৰ আক্ৰমণ বা সংক্ৰমণৰ আশংকাও থাকে।

চুৱেটাৰ অবিহনে অকলে শুব নোৱাৰাসকলে ছাল স্বাস্থ্যৱান কৰি ৰাখিবলৈ মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিব পাৰে।

পৰাপক্ষত শুবলৈ যাওঁতে চুৱেটাৰ পিন্ধি নোলোৱাই ভাল।

পাৰিলে আজিয়েই পৰিত্যাগ কৰক এই অভ্যাস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...